Breaking

নদুৱাৰ প্ৰেছ ক্লাবৰ উদ্যোগত জামুগুৰিহাটত বিহু কৰ্মশালাৰ আয়োজন…

0 20

অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা ঢোল আৰু বিহু নৃত্যৰ প্ৰশিক্ষণ ৷

সংস্কৃতিৰ সাৰুৱা ভূমি জামুগুৰিহাটত অহা ১৫ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ অনুষ্ঠিত হব বিহু নৃত্য আৰু ঢোল বাদনৰ প্ৰশিক্ষণ ৷

নদুৱাৰ প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু ভৰলী পৰীয়া বিহুৱা দলৰ সহযোগত অনুষ্ঠিত হবলগা এই কৰ্মশালাত ৪ বছৰৰ পৰা ৩০ বছৰীয়া সকলো শ্ৰেণী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহন কৰিব পাৰিব ৷

অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা পৰিচালিত হব লগা এই কৰ্মশালাৰ অন্তিম দিনটোত অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷ ইতিমধ্যে বিহু কৰ্মশালাৰ সকলো প্ৰস্তুতি সম্পূৰ্ন কৰি তোলা বুলি মন্তব্য কৰে উদ্যোক্তা সকলে ৷

জামুগুৰিহাটৰ পৰা জোন বৰাৰ প্ৰতিবেদন

Leave A Reply