Breaking

সাংস্কৃতিক সংগ্ৰামৰ মহীৰোহ, বিহু সুৰক্ষা সমিতিৰ অন্যতম প্ৰতিস্থাপক জয়কান্ত গন্ধীয়াৰ মৃত্যুত ধেমাজি জিলা বিহু সুৰক্ষা সমিতিৰ শোক প্ৰকাশ

0 660

আমাৰ অসম বৰদলনিৰ প্ৰতিবেদক,১৪ ডিচেম্বৰ: বিহু সুৰক্ষা সমিতি অসমৰ মুখ্য উপদেষ্টা তথা অসমীয়া ভাষা-সাহিত্য আৰু লোকসংস্কৃতিৰ গৱেষক,বিহু বিশেষজ্ঞ জয়কান্ত গন্ধীয়াৰ বিয়োগত বিহু সুৰক্ষা সমিতি ,ধেমাজি জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰে | এক শোক বাৰ্তাত জিলা সমিতিৰ সভাপতি বুদ্ধেশ্বৰ কোঁৱৰ আৰু সম্পাদক শৈল্য বুঢ়াগোহাঁয়ে কয় যে জয়কান্ত গন্ধীয়াৰ মৃত্যুৱে অসমৰ লোক সংস্কৃতিৰ পথাৰখনৰ অপূৰণীয় ক্ষতি হ’ল | অসমৰ বৰ্ণাঢ্য জাতি জনগোষ্ঠীৰ বৰ্ণময় সাংস্কৃতিক ঐতিহ্যক নজহা-নপমাকৈ জীয়াই ৰক্ষাৰ সাংস্কৃতিক সংগ্ৰামত গন্ধীয়াই ওৰেটো জীৱন ব্ৰতী হৈ আহিছিল।অসমীয়াৰ স্বাভিমান জাতীয় উৎসৱ বিহুক অতি বেছি আধুনিকীকৰণ আৰু অতি বাণিজ্যিকীকৰণৰ পৰা মুক্ত কৰি বিহু শুদ্ধ আৰু পৰম্পৰা ৰূপটোহে যাতে উপস্থাপন কৰা হয় তাৰ বাবে নিৰলস প্ৰচেষ্টা হাতত লৈ বিহু সুৰক্ষা সমিতি অসমক জন্ম দিছিল | এই অনুস্থানৰ সভাপতিৰ দৰে গুৰু দায়িত্ব গ্ৰহণ কৰি সমগ্ৰ অসমতে এক সাংস্কৃতিক সংগ্ৰামৰ জোৱাৰ আনিবলৈ সক্ষম হৈছিল |মৃত্যুৰ আগমুহূৰ্তলৈকে বিহু সুৰক্ষা সমিতি অসম ৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্ব বহন কৰি জাতীয় দায়বদ্ধতাৰ চানেকি দি গ’ল | বিহু সুৰক্ষা সমিতি অসমেএই গৰাকী মনিষীক সমিতিৰ সৰ্ব্বোচ্চ সন্মান লোকশ্ৰী সন্মানেৰে বিভূষিত কৰিছিল | গন্ধীয়াৰ অবৰ্তমানত বিহু সুৰক্ষা সমিতি অসম আজি অভিভাৱকহীন হ’ল বুলি উল্লেখ কৰে বিভিন্ন জনে | তেখেতৰ পবিত্ৰ আত্মাৰ সদগতিৰ বাবে আজি ধেমাজি জিলা বিহু সুৰক্ষা সমিতিয়ে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

Leave A Reply