বিজনী সমষ্টিৰ বিধায়কৰ মহানুভৱতাঃ ৩৬ জন ৰোগীক চিকিৎসাৰ কিছু আৰ্থিক সাহাৰ্য

বিজনী সমষ্টিবাসীয়ে বিধায়ক বহুত পাইছে। কিন্তু ভাল মনৰ বিধায়ক পোৱা নাছিল বিজনীবাসী ৰাইজে। ঈশ্বৰৰ কৃপাত এইবাৰ বিজনীবাসী ৰাইজে ভগৱান সদৃশ এজন ভাল বিধায়ক পাইছে। বিধায়কগৰাকীৰ নাম হৈছে অৰূপ কুমাৰ দে।গৰীবৰ বন্ধু বিজনী সমষ্টিৰ বিধায়ক অৰূপ কুমাৰ দে’ মহানুবতা। কেৱল বিধায়কে নহয়, বিজনী সমষ্টিৰ মানৱ দৰদী গৰীবৰ বন্ধু তথা সমাজ সেৱক তথা সহজ সৰল ভাল মনৰ চিন্তাৰ বিধায়ক অৰূপ কুমাৰ দে’ আজি বিষ্ণুপুৰ অঞ্চলৰ বিভিন্ন স্থানত ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয়।

দৰিদ্ৰ পৰিয়ালে টকাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰা ৩৬ টা পৰিয়ালৰ ৩৬ জন ৰোগীক চিকিৎসাৰ কিছু আৰ্থিক সাহাৰ্য আগবঢ়ায়। ৰোগীৰ সমস্ত চিকিৎসাৰ দায়িত্ব বহন কৰিব বিধায়ক অৰূপ কুমাৰ দে’। বিধায়ক অৰূপ কুমাৰ দেৰ তৎপৰতাত আৰু নিজ গাঁঠিৰ ধনেৰে ৰোগীসকলৰ চিকিৎসা কৰাৰ উদাহৰণ বহুত আছে ।

বিধায়কৰ তৎপৰতাত অসুস্থ ৰোগীসকলক বিভিন্ন স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰি ডক্টৰৰ পৰামৰ্শৰে উপযুক্ত চিকিৎসা প্ৰদান কৰি নিজ ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰি দিয়ে বিধায়ক অৰূপ কুমাৰ দে। কেতিয়াবা অসুস্থ ৰোগীসকলৰ কাষত, কৃত্ৰিম বানপানী আবদ্ধ হোৱা পৰিয়ালৰ কাষত, সমষ্টি উন্নয়নত আৰু বিভিন্ন সমস্যাৰ বুজ লৈ ৰাইজৰ মাজত থিয় হয় বিধায়ক অৰূপ কুমাৰ দে। বিধায়কৰ এনে কাম-কাজক সন্তুষ্ট প্ৰকাশ কৰে বিজনী সমষ্টিৰ ৰাইজে।

Related Articles