Breaking

বঙাইগাঁৱত পথৰ দাঁতিত জ্বলি ধ্বংস হোৱা মটৰ চাইকেল উদ্ধাৰ

0 2,040

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত উত্তৰ মাজগাঁৱত বুধবাৰে নিশা পথৰ দাঁতিত এখন মটৰ চাইকেল জ্বলি ধ্বংস হয় ৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে নিশা প্ৰায় ডেৰ মান বজাত আৰক্ষীয়ে বঙাইগাঁও অসামৰিক চিকিৎসালৰ নিকটৱৰ্তী বিদ্যালয় এখনৰ ওচৰত পথৰ দাঁতিত এখন মটৰ চাইকেলত জুই জ্বলি থকা খবৰ লাভ কৰি ঘটনাস্থলীলৈ আৰক্ষীৰ দল ৰাওনা হয় ৷ কিন্তু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই মটৰ চাইকেলখন ধ্বংস হৈছিল ৷ পিছত আৰক্ষীয়ে জ্বলি ধ্বংস হোৱা মটৰ চাইকেলখন উদ্বাৰ কৰি বঙাইগাঁও থানালৈ আনে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে বৰ্তমানলৈকে মটৰ চাইকেলখনৰ গৰাকীৰ সন্ধান ওলোৱা নাই ৷ লগতে বুধবাৰে উক্ত স্থানত আনকি দুৰ্ঘটনা সংঘটিত হোৱাৰো কোনো তথ্য প্ৰতিবেদিত হোৱা নাই ৷ গতিকে এনে অৱস্থাত কেনেকৈ মটৰ চাইলখন জ্বলি ধ্বংস হ’ল সেয়া তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ সন্দেহ কৰা হৈছে যে কোনো দুৰ্ঘনাও সংঘটিত হ’ব পাৰে বা কোনোবাই কাৰোবাৰ সৈতে কিবা কাজিয়া পেচালত লিপ্ত হৈও মটৰ চাইকেলখন জ্বলাই দিব পাৰে ৷ কিন্তু প্ৰকৃত ঘটনাটো আৰক্ষীৰ তদন্ততহে উন্মোচিত হ’ব ৷

Leave A Reply