Breaking

শিমলীতোলাত আৰক্ষী চকীত বাইক মেলা, আৰক্ষীৰ তৎপৰতাত ঈদৰ দিনাই জব্দ ৫৭ খনকৈ বাইক…

0 20

ঈদৰ দিনটোতেই যান-বাহন আইন উলংঘা কৰি আৰক্ষীৰ ৰোষত পৰিল একাংশ উদণ্ড বাইক চালক। আজি ঈদৰ দিনাই একাংশ উদণ্ড বাহন চালক, বিশেষকৈ বাইক চালকক নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যেৰে গোৱালপাৰাৰ শিমলীতোলা আৰক্ষীয়ে বিশেষ তালাচী চলায় আৰু মুঠ ৫৭ খনকৈ বাইক জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। শিমলীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰ্ষজিৎ দাসৰ তৎপৰতাত অঞ্চলটোৰ ভিন্ন স্থানৰ পৰা বাইক সমূহ জব্দ কৰা হয়।

আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা মতে এখন বাইকত তিনিজনকৈ উঠা, তীব্ৰ গতি আৰু চালকৰ ‘ড্ৰাইভিং লাইচেঞ্চ’ নথকা, ৰাজহুৱা স্থানত বাইক ৰখাই থৈ মুকলিকৈ সুৰাপান কৰি থকা আদিবোৰৰ বাবেই বাইক সমূহ জব্দ কৰি আৰক্ষী চকীলৈ নিয়া হয় আৰু নিয়মমতে জৰিমনাৰ দিহাও কৰা হ’ব বুলিও উল্লেখ কৰে। স্মৰ্তৱ্য যে আৰক্ষীৰ এক বিশেষ তৎপৰতাৰ বাবেই আজিৰ দিনটোত শিমলীতোলা অঞ্চলটোত বাতৰি যুগুতোৱা পৰলৈ কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা নাই। আৰক্ষীৰ এনে সময়োপযোগী পদক্ষেপক অঞ্চলটোৰ সচেতন ৰাইজে শলাগিছে।

Leave A Reply