Breaking

তামুলপুৰ আৰক্ষী থানা চৌহদৰ পৰা চোৰে নিলে বাইক

0 1,080

যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক অধিক গতিশীল আৰু শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব বিচাৰিছে তেনে সময়তে তামুলপুৰ আৰক্ষী থানাৰ ফোপোলা স্বৰূপ ওলাই পৰে।যি সময়ত আৰক্ষীৰ ওচৰত সাধাৰণ জনতাই সুৰক্ষিত অনুভৱ কৰে তেনে সময়তেই তামুলপুৰ আৰক্ষী থানাৰ চৌহদৰ ভিতৰতে সংঘটিত হৈছে বাইক চুৰি কাৰ্য । উল্লেখ্য যে যোৱা কিছুদিন পূৰ্বে তামুলপুৰৰ এঘাৰ মাইলত হোৱা এটা সাধাৰণ পথ দুৰ্ঘটনাৰ ফলত তামুলপুৰ আৰক্ষীয়ে AS28 A 8915 আৰু AS01 BD 8124 নম্বৰৰ বাইক দুখন তামুলপুৰ আৰক্ষী থানালৈ লৈ আহে ।

সোমবাৰে সম্পূৰ্ণ নথিপত্ৰ লগত লৈ বাইকৰ মালিকপক্ষই বাইক দুখন নিবলৈ আহে । তেতিয়াহে উৰহী গছৰ ওৰ ওলাই পৰে । কাৰণ তাৰেই AS28 A 8915 নম্বৰৰ R15 বাইকখন তামুলপুৰ আৰক্ষী থানাৰ চৌহদৰ পৰাই চুৰি হোৱাৰ তথ্য পোহৰলৈ আহে।২৪ ঘন্টাই থানা চৌহদত পহৰা থকাৰ পিছতো অথবা চিচি টিভি থকাৰ পিছতো চোৰে কিদৰে সংঘটিত কৰিব পাৰিলে এই চুৰি কাৰ্য সেয়া এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে। অৱশ্যে তামুলপুৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত তদন্ত অব্যাহত থকা বুলি জানিব পৰা গৈছে।

Leave A Reply