Breaking

একে গাৱঁতে নিশা দুঘৰত বাইক চুৰি

0 519

মহামাৰী ক’ভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বলবৎ হৈ থকা সান্ধ্য আইনৰ সু্যোগ গ্ৰহণ কৰি আজি কিছুদিনৰ পৰা টেঙাখাট থানাৰ অন্তৰ্গত কেইবাখনো গাৱঁত চোৰৰ উপদ্ৰৱ চলি থকাৰ সময়তে বুধবাৰে নিশা টেঙাখাত গন্ধিয়া গাৱঁৰ দুঘৰৰ পৰা মটৰচাইকেল চুৰি হোৱা ঘটনাই গঞা ৰাইজৰ মাজত চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ জানিব পৰা অনুসৰি বুধবাৰে নিশা বাগ্ৰদিয়া চাহ ফেক্টৰীৰ কাষতে থকা গন্ধিয়া গাৱঁৰ ৰাজু বৰুৱাৰ ঘৰৰ গেইটৰ তলা ভাঙি এখন কে টি এম আৰু এখন গ্লেমাৰ বাইক চোৰে চুৰ কৰি নিয়ে যদিও কে টি এম বাইক খন পথতে পেলাই গ্লেমাৰ বাইক খন লৈ যায় ৷অন্যহাতে একে গাৱঁৰে ৰত্নেশ্বৰ গগৈৰ ঘৰলৈ খোৱাঙৰ পৰা অহা জোৱাঁয়েক ৰণী দত্তৰ AS 06V -1364 নম্বৰৰ পালচাৰ বাইক খনো চুৰ কৰি নিয়ে ৷ এই সন্দৰ্ভত বাইকৰ গৰাকীয়ে ইতিমধ্যে টেঙাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়েও তদন্ত আৰম্ভ কৰিছে৷

Leave A Reply