Breaking

ৰাষ্ট্ৰীয় জুনিয়ৰ, ছাব-জুনিয়ৰ কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতাত মৰিগাঁৱৰ বিক্ৰম জ্যোতি কোঁৱৰ আৰু দৰ্শন বৰদলৈৰ ৰূপ অৰ্জন

0 27

মধ্যপ্ৰদেশৰ ভূপালত ৯ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত ৩৪ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ, ছাব-জুনিয়ৰ কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ দুগৰাকীয়ে সুনাম অৰ্জন কৰিছে।

খেলুৱৈ দুগৰাকীয়ে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত ৰূপৰ পদক অৰ্জন কৰি জিলা তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। অসম দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা মৰিগাঁও জিলাৰ বিক্ৰম জ্যোতি কোঁৱৰ আৰু দৰ্শন বৰদলৈয়ে ৫০০ মিটাৰ কে-২ শাখাত ৰূপৰ পদক অৰ্জন কৰে।

মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই দুয়োগৰাকী খেলুৱৈৰ এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰাৰ লগতে ব্যাপক প্ৰত্যাহ্বানৰ মাজতো জিলিকি উঠা খেলুৱৈ দুগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখ্য যে মৰিগাঁও জিলাৰ ঔজাৰিৰ বাসিন্দা বিক্ৰম জ্যোতি আৰু দৰ্শনে ২০২২ চনৰ পৰাই জিলাখনৰ ঔজাৰিত থকা কায়াকিং আৰু কেনয়িং প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষক অনন্ত বৰঠাকুৰৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে।

বৰ্তমান ভূপালত থকা প্ৰশিক্ষক অনন্ত বৰঠাকুৰে দুয়োগৰাকী খেলুৱৈৰ এই সাফল্যত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে খেলুৱৈ দুগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে । বৰঠাকুৰে কয় যে সোমবাৰেও দুয়োগৰাকী খেলুৱৈয়ে ২০০ মিটাৰ কে-১, কে-২ আৰু কে-৪ শাখাত অৱতীৰ্ণ হ’ব।

এই প্ৰতিযোগিতাত মুঠ ২৪ খন ৰাজ্যই প্ৰতিদ্বন্দ্বিতা কৰিছে। খেলুৱৈ দুগৰাকীয়ে ইয়াৰ পূৰ্বেও ভূপালত অনুষ্ঠিত ৩২ সংখ্যক ৰাষ্ট্ৰীয় কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতাত এটা সোণ আৰু দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। আনহাতে ২০২২ চনতে খেলো ইণ্ডিয়া কোৱালিফায়িং প্ৰতিযোগিতাত খেলুৱৈ দুগৰাকীয়ে দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল ।

Leave A Reply