Breaking

প্ৰধানমন্ত্ৰী মোডী সন্দৰ্ভত বিলোৱাল ভুট্টোৰ ‘কসাই’ বক্তব্যৰ ওপৰত বিলোৱাল ভুট্টোৰ স্পষ্টীকৰণ

0 52

পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলোৱাল-ভুট্টো জৰ্দাৰীয়ে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ কৰা মন্তব্যৰ পক্ষ লয়। বিলোৱালে কয় যে তেওঁ “এটা ঐতিহাসিক তথ্য”ৰ কথা কৈছিল। যোৱা সপ্তাহত ৰাষ্ট্ৰসংঘত এখন সংবাদমেলৰ সময়ত বিলোৱালে প্ৰধানমন্ত্ৰী মোডীক ‘গুজৰাটৰ কসাই’ বুলি অভিহিত কৰিছিল। ২০০২ চনত গুজৰাটত ২০০০ৰো অধিক মুছলমানক হত্যা কৰাৰ বাবে শাস্তি পোৱাৰ পৰিৱৰ্তে মোডীক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল বুলি কয়।

অৱশ্যে এটা বিদেশী চেনেলক দিয়া সাক্ষাৎকাৰত পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলোৱাল জৰ্দাৰীয়ে মোডীক লৈ কৰা বিতৰ্কিত মন্তব্যক স্পষ্ট কৰি দিছে। ব্লুমবাৰ্গৰ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিলোৱালে কয়, ‘ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ বিষয়ে মই যি ক’লোঁ সেয়া ঐতিহাসিক বাস্তৱৰ বিষয় আছিল, মই একেটা কথাকে কৈ আছিলো।

মই কৰা মন্তব্যবোৰ মোৰ নাছিল। সেই কথাবোৰ মোৰ নাছিল, মই মোডীৰ বাবে ‘গুজৰাটৰ কসাই’ শব্দটো উদ্ভাৱন কৰা নাছিলোঁ। গুজৰাট দাঙ্গাৰ পিছত ভাৰতৰ মুছলমানসকলেহে সেই শব্দটো মোডীৰ বাবে ব্যৱহাৰ কৰিছিল।

নৰেন্দ্ৰ মোডী সন্দৰ্ভত শেহতীয়াকৈ কৰা মন্তব্যৰ পক্ষ লৈ বিলৱালে কয় যে তেওঁ “এটা ঐতিহাসিক তথ্য”ৰ কথা উল্লেখ কৰিছে।

Leave A Reply