Breaking

১৩ অক্টোবৰত চিত্ৰগৃহলৈ আহি আছে ‘বীৰ’

0 77

দৰ্শকৰ অপেক্ষাৰ অন্ত পেলাই আহি আছে এখন বহুচৰ্চিত ৰোমান্টিক তথা এক্সনধর্মী ছবি। অসমৰ চলচ্চিত্ৰ প্ৰেমীৰ বাবে এক প্ৰত্যাশাৰ বাৰ্তা কঢ়িয়াই চিত্ৰগৃহলৈ আহি আছে- ‘বীৰ’ । অহা ১৩ অক্টোবৰত মুক্তি লাভ কৰিব এই নতুন অসমীয়া ছবিখনে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ চিত্ৰগৃহত দৰ্শকে উপভোগ পাৰিব ‘বীৰ’।


ড্ৰাগছ, মদৰ দৰে নিচাজাতীয় সামগ্ৰীয়ে যুৱ প্ৰজন্মৰ মাজত সৃষ্টি কৰা ত্ৰাস আৰু সমাজত অসমাজিক কৰ্মৰ সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে কৰা প্ৰতিবাদক মূল উপজীৱ্য হিচাবে লৈ ছবিখনৰ কাহিনীভাগ নিৰ্মাণ কৰা হৈছে। দর্শকে ছবিখনৰ জৰিয়তে লাভ কৰিব এটা সুন্দৰ সামাজিক বাৰ্তা। ‘বীৰ’ৰ মূল চৰিত্ৰ সমূহত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ৰাজ , ননীশ্ৰী দাস, পল ফুকন, মুকুল দাস, ভৱেশ দাস, অনয়া ব্ৰহ্ম, বাবলি বৰা, প্ৰিয়া পি শৰ্মা, ছাজু আহমেদ, ৰক্তিম ৰাজ, জোন সাগৰ, প্ৰিন্স, মীনৰ’, ওম কাশ্যপ, মাণিক ৰয়, অনিন্দিতা ৰুদৰাজে।


আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি পৰিচালক নাৰায়ণ শীলৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে এই ছবিখন চম্পাৱতী ফিল্মছৰ বেনাৰত প্ৰযোজনা কৰিছে দীপ্তি ইছলাম আৰু খুছবু বেগমে। ছবিখনৰ পাণ্ডুলিপি আৰু সংলাপ ঋষি কলিতাৰ।

আনহাতে ছবিখনৰ সংগীত পৰিচালনা কৰিছে কুকিল সিনহাই । ছবিখনত সন্নিবিষ্ট গীত কেইটাত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী আৰু অনায়া ব্ৰহ্মই।


‘বীৰ’ৰ দৃশ্যগ্ৰহণ কৰিছে চিধা বৰা, সুশান্ত বৰ্মন, মিন্টু বৰ্মন আৰু চনু ডেকাই । ছবিখনৰ ডি আই- সুজিত বৰা(মুম্বাই) । সম্পাদনা- ৰাজু গগৈ, কৰিঅ’গ্ৰাফী- কমল নাথ(মুম্বাই), চাউণ্ড মিক্সিঙ- যতীন শৰ্মা , এক্সন- ৰমেশ ৰয় (মুম্বাই ), মেকাপ আৰ্টিষ্ট- পলি গগৈ, কছটিউম- মন্দিৰা গগৈ।


ছবিখন সন্দৰ্ভত পৰিচালক নাৰায়ণ শীলে জনাইছে যে ইতিমধ্যে ছবিখন মুক্তি দিয়াৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। দৰ্শকে ছবিখন আদৰি লব বুলি তেওঁ আশাবাদী । অসমৰ বিভিন্ন লোকেচনৰ লগতে গুৱাহাটীৰ জ্যোতি চিত্ৰবন, চন্দ্ৰপুৰ, পানবাৰী, শংকৰদেৱ ষ্টুডিঅ’ৰ উপৰিও মেঘালয়ৰ চেৰাপুঞ্জীৰ বহু নান্দনিক পৰিৱেশত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে । পৰিয়ালৰ সকলোৰে উপভোগ্য ‘বীৰ’ চাবলৈ এতিয়া অপেক্ষা মাথোঁ ১৩ অক্টোবৰলৈ।

-নজৰুল হক

Leave A Reply