Breaking

চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত থলুৱা নিযুক্তিকৰণৰ দাবীত লাচিত সেনাৰ অৱস্থান ধৰ্মঘট

0 2,042

দেশৰ মহাৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগম ( অ’ এন জি চি ) ৰ অসম সম্পদ , অইল ইণ্ডিয়া লিমিটেডকে ধৰি সকলো চৰকাৰী – বেচৰকাৰী প্ৰতিষ্ঠানত থলুৱাক এশ শতাংশ নিযুক্তি প্ৰদান আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়টো শাসনাধিস্থ চৰকাৰে নাজিৰাবাসীক খোৱা পানীৰ পৰা বঞ্চিত কৰি ৰাজনৈতিক বৈষম্যতাৰে সোণাৰীলৈ স্থানান্তৰ কৰিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে নাজিৰাৰ জনগণৰ লগতে ” বীৰ লাচিত সেনা , অসম ” ৰ নাজিৰা মহকুমা সমিতি । আজি সংগঠনটোৰ শিৱসাগৰ জিলা আৰু নাজিৰা মহকুমা সমিতিৰ উদ্যোগত মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । বীৰ লাচিত সেনা , অসমৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহা , শিৱসাগৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি অংকুৰ গগৈ , ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অনুপম সন্দিকৈ , নাজিৰা মহকুমা সমিতিৰ সভাপতি প্ৰাঞ্জল শইকীয়া , সহকাৰী সম্পাদকদ্বয় উজ্জ্বল গগৈ , কৃষ্ণ কান্ত কোৱৰ আদিকে ধৰি শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ মাজতে চৰকাৰ কেতবোৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

কাৰ্যসূচীৰ অন্তত অ’ এন জি চি অসম সম্পদ , অইল আৰু সকলো চৰকাৰী – বেচৰকাৰী প্ৰতিষ্ঠানত থলুৱাক এশ শতাংশ নিযুক্তি প্ৰদান কৰা , নাজিৰা বিধান সভা সমষ্টিৰ জনগণক কৰা বৈষম্যমূলক আচৰণ আৰু দলীয় ৰাজনৈতিক কাৰচাজী পৰিহাৰ কৰাৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডল কাৰ্যালয়টো নাজিৰাৰ পৰা সোণাৰীলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ দাবী জনাই বীৰ লাচিত সেনা , অসমৰ শিৱসাগৰ জিলা আৰু নাজিৰা মহকুমা সমিতিয়ে পৃথকে পৃথকে মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে । ইয়াৰ পিছতো এই দাবী কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অসম তথা নাজিৰা বাসী ৰাইজৰ স্বাৰ্থত চৰকাৰৰ বিৰুদ্ধে বৃহৎ গণ প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সংগঠনটোৱে স্মাৰক পত্ৰৰ যোগে সকীয়াই দিয়ে । 

Leave A Reply