Breaking

বার্ড ফ্লুত আক্রান্ত বিশ্বৰ প্রথম ৰোগী

0 526

বার্ড ফ্লুত আক্রান্ত বিশ্বৰ প্রথম ৰোগী চিনাক্ত চীনত

এইবাৰ চীনতেই ব্লার্ড ফ্লু এইচ১০এন৩ ষ্ট্রেইনত আক্রান্ত ৰোগী ধৰা পৰিছে৷ বিশ্বৰ প্রথমগৰাকী ৰোগীৰ দেহত ব্লার্ড ফ্লু এইচ১০এন৩ ষ্ট্রেইন ধৰা পৰাৰ পিছতেই আন এক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ চীনৰ ৰাষ্ট্রীয় স্বাস্থ্য আয়োগে প্রকাশ কৰা তথ্য অনুসৰি ব্লার্ড ফ্লু এইচ১০এন৩ ষ্টেইন মানৱ দেহত সংক্রমিত হোৱা বিশ্বৰ প্রথমটো ঘটনা চীনত ধৰা পৰিছে৷ দেশখনৰ জিয়াংশ্ব’ প্রদেশৰ উত্তৰাঞ্চলত ৪১ বছৰীয়া এজন লোকৰ দেহত এই ব্লার্ড ফ্লু এইচ১০এন৩ ষ্টেইন ধৰা পৰিছে৷

প্রদেশখনৰ ঝেনঝিয়াং চহৰত ধৰা পৰা ৰোগীজনক ইতিমধ্যে চিকিৎসকসকলে বিশেষভাৱে চিকিৎসা প্রদান কৰি আছে৷ স্বাস্থ্য আয়োগে প্রকাশ কৰা তথ্য মতে আক্রান্ত ৰোগীজনৰ স্বাস্থ্য বর্তমান সুস্থিৰ হৈ আছে যদিও যিকোনো মুহূর্ততে অৱনতি ঘটাৰ সম্ভাৱনা নথকা নহয়৷ প্রাৰম্ভিক পর্যায়ত স্বাস্থ্য আয়োগৰ কর্তৃপক্ষই মানৱ দেহত সংক্রমিত হোৱা ব্লার্ড ফ্লু এইচ১০এন৩ ষ্ট্রেইন মহামাৰী ৰূপত সংক্রমিত হোৱাৰ সম্ভাৱনাক অস্বীকাৰ কৰিছে যদিও পশুধনৰ পৰা মানৱ দেহলৈ সংক্রমিত এই ব্লার্ড ফ্লু এইচ১০এন৩ ষ্ট্রেইন এজনৰ পৰা আনজনৰ দেহলৈ সংক্রমিত হোৱাৰ সম্ভাৱনাও নথকা নহয়৷

স্বাস্থ্য আয়োগে প্রকাশ কৰা মতে বিশ্বৰ কোনো দেশতেই ব্লার্ড ফ্লু এইচ১০এন৩ ষ্ট্রেইনত মানুহ আক্রান্ত হোৱাৰ তথ্য কিম্বা তেনে উদাহৰণ নাই৷ তথ্য মতে যোৱা ২৮ মে’ত উল্লিখিত ৰোগীজনক চিকিৎসালয়ত ভর্তি হোৱাৰ পিছত চিকিৎসকে তন্ন তন্নকৈ পৰীক্ষা কৰাৰ অন্তত ৰোগীজন এইচ১০এন৩এভিয়েন ইনফ্লুয়েঞ্জা ভাইৰাছত আক্রান্ত হোৱাটো নিশ্চিত হৈছে৷ দেশখনৰ স্বাস্থ্য আয়োগে বিবৃতিত ৰোগীজন ভাইৰাছত আক্রান্ত হোৱা বুলি প্রকাশ কৰিছে যদিও ক’ৰ পৰা কেনেকৈ লোকজন ভাইৰাছটোত আক্রান্ত হৈছে সেই সন্দর্ভত বিশেষ তথ্য আগবঢ়োৱা নাই৷

উল্লেখ্য যে চীনত এনেধৰণৰ এভিয়েন ইনফ্লুয়েঞ্জাৰ বিভিন্ন ষ্ট্রেইন আছে৷ ইয়াৰে কিছুসংখ্যক মানুহৰ দেহলৈ সংক্রমিত হয়৷ বিশেষকৈ কুকুৰা ফার্মত কাম কৰা লোকৰ দেহলৈ৷ তেনে এক ভাইৰাছ হৈছে এইচ৫এনএ৷ এই ভাইৰাছটো মানৱ দেহলৈ সংক্রমিত হ’লেও ইয়াৰ বিপদ সামান্য৷ অৱশ্যে এই ভাইৰাছটোৱে পক্ষী–কুকুৰাৰ বাবে ভয়ানক৷ কিন্তু শেহতীয়াভাৱে মানৱ দেহত ব্লার্ড ফ্লু এইচ১০এন৩ ষ্ট্রেইন ধৰা পৰা বিষয়টোৱে চীনকো উদ্বিগ্ণ কৰি তুলিছে৷ কিয়নো, এই এইচ১০এন৩এভিয়েন ইনফ্লুয়েঞ্জা ভাইৰাছটোক লৈ চীনা কর্তৃপক্ষৰ হাতত অধিক তথ্য এতিয়ালৈকে নাই৷ এনে পৰিপ্রেক্ষিতত এই ভাইৰাছটোৱে মানৱ জাতিলৈ প্রত্যাহ্বান আনিব পাৰে নেকি তাক লৈও উদ্বিগ্ণ চীনা প্রশাসন৷ লক্ষণীয় যে ক’ভিড–১৯ক লৈ চীনৰ ৰহস্যজনক ভূমিকাৰ পিছত পুনৰ মানৱ দেহত এইচ১০এন৩ ষ্ট্রেইন ধৰা পৰাটো নিশ্চিতকৈ চিন্তনীয় বিষয় হৈ পৰিছে৷

Leave A Reply