Breaking

বীৰছিং তিমুঙক লাংহিন ভি ডি চি’ৰ বাবে নতুনকৈ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান

0 1,543

কাৰ্বি আংলং জিলাৰ ১৩ নং লাংহিন পৰিষদীয় সমষ্টিৰ লাংহিন ভি ডি চি’ ভংগ কৰি পুনৰ লাংহিন ভি ডি চি’ৰ বাবে বীৰছিং তিমুঙক নতুনকৈ অধ্যক্ষ হিচাপে আজি লাংহিনস্থিত ভি ডি চি’ৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। লাংহিন ভি ডি চি’ৰ নতুন অধ্যক্ষ হিচাপে বীৰছিং তিমুঙক এই নিযুক্তি পত্ৰ প্ৰদান কৰে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়ে।

আনহাতে ঋতুৰাজ বৰুৱা, লেবেন্দ্ৰ বসুমতাৰী আৰু হাৰজেন দৈমাৰীকো লাংহিন ভি ডি চি’ৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়। অনুষ্ঠানত কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰী, লাংহিন ভি ডি চি’ৰ প্ৰাক্তন অধ্যক্ষ কৃষ্ণ বসুমতাৰী, ঋতুৰাজ বৰুৱা, নতুন অধ্যক্ষ বীৰছিং তিমুঙৰ লগতে অঞ্চলটোৰ বহু পুৰুষ আৰু মহিলা উপস্থিত থাকে।

Leave A Reply