Breaking

শিক্ষাবিদ, সমাজ সংগঠক, প্ৰবীণ অভিনেতা মণিৰাম বৰাৰ ওপজা দিন পালন…

0 64

নগাঁও জিলাৰ ৰহাৰ উত্তৰ পেটবঢ়াত আজি বিশিষ্ট শিক্ষাবিদ, সমাজ সংগঠক, প্ৰবীণ অভিনেতা মণিৰাম বৰাৰ ৮৮ সংখ্যক ওপজা দিন পালন কৰা হয়৷ এই উপলক্ষে বৰাদেৱৰ বাসগৃহত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি যুৱ লেখক , বিশিষ্ট সমাজসেৱক , আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন জুৱেলাৰী ডিজাইনাৰ তথা ডুগডুগীৰ স্বত্বাধিকাৰী উৎপল বণিয়াই কয় – “ মোৰ দেউতাই মোক খোৱা-বোৱা দিছে , ডাঙৰ-দীঘল কৰিছে৷

মই যদি বৃদ্ধ বয়সত বেমাৰ হ’লে দেউতাক এবিধ ঔষধৰ যোগান ধৰিব নোৱাৰো তেন্তে মোৰ জীৱনটো সাৰ্থক নহয় ৷ পিতা-পুত্ৰৰ প্ৰেম আৰু পৰিয়ালৰ আন্তৰিকতা দেখি মই সঁচাকৈয়ে অভিভূত হৈছোঁ ” ৷ লগতে তেখেতে বৰাদেৱৰ শতায়ু কামনা কৰে ৷ পৰিয়ালৰ উদ্যোগত ১০ জানুৱাৰীত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সুদক্ষ নাট পৰিচালক তথা সংস্কৃতিৱান ব্যক্তি দেৱ কুমাৰ নাথে কয় যে – “ অনুষ্ঠানৰ মধ্যমণি মণিৰাম বৰাদেৱৰ গুণৰাশিৰ বিষয়ে কম সময়ত কৈ শেষ কৰিব নোৱাৰোঁ৷

বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত বৰাদেৱৰ যি ভূমিকা , সৎ দিহা-পৰামৰ্শ সেইবোৰ অনুভৱৰ পৃষ্ঠাত আৰু আমাৰ হৃদয়ত সদায়ে লিপিবদ্ধ হৈ থাকিব ৷ আমি আগবাঢ়ি যোৱাত সেই উপদেশবোৰে আমাক সদায় সহায় কৰি যাব ” ৷ যুৱ সাহিত্যিক লক্ষ্যজ্যোতি বৰাৰ পৰিচালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট কবি , সমালোচক মদাৰজ্যোতিয়ে কয় – “ জীৱিত কালতে যি পিতৃ-মাতৃক সেৱা শুশ্ৰূষা কৰে , তেওঁ মৃত্যুৰ পিছত পিণ্ডদান নকৰিলেও হ’ব ৷ পুত্ৰ কন্যাৰ তথা পৰিয়ালৰ মৰমৰ মাজত থাকিবলৈ যিসময়ত পিতৃ-মাতৃয়ে হাহাকাৰ কৰিবলগীয়া হৈছে , তেনেসময়ত লক্ষ্যজ্যোতি বৰাৰ দৰে সুসন্তানৰ আদৰ্শ প্ৰতিজন পুত্ৰ কন্যা তথা পৰিয়াল – পৰিজনে লোৱা উচিত ” ৷

লগতে আমি প্ৰতিজন সৰু-সৰু বুলি ভৱা মানুহৰ ভাল কামবোৰৰ সমষ্টিয়ে আমাৰ সমাজখন সুন্দৰ কৰি তোলাত বিশেষ ভূমিকা পালন কৰে বুলি তাৎপৰ্যপূৰ্ণ বক্তব্য প্ৰদান কৰি বৰাদেৱৰ পৰা আশীৰ্বাদ কামনা কৰে ৷

অনুষ্ঠানত সমাজসেৱক নৰেন্দ্ৰ বৰা , হৰেন্দ্ৰ বৰা , ধৰ্মপৰায়ণ মহিলা- ফুলমাই বৰা , অনিমা বৰা , মাধৱী হাজৰিকা , দিপালী বৰা , ভৱানী দেৱী বৰা, সমাজকৰ্মী ৰাজেন মেধি , মুকুল বৰা , এলি ৰাজ কলিতা , যুৱ সাংস্কৃতিক কৰ্মী তথা স্থানীয় ইউটিউবাৰ প্ৰাঞ্জল প্ৰতীম শইকীয়া প্ৰমুখ্যে বহু গুণী- জ্ঞানী লোক উপস্থিত থকা অনুষ্ঠানটিত মণিৰাম বৰাই পুত্ৰ লক্ষ্যজ্যোতি বৰাৰ স্নেহত আপ্লুত হৈ এনেদৰে জন্মদিনত সজ্জনসকলৰ মৰম-উপহাৰৰ মাজত জীৱনটোক জুখি চোৱাৰ এক নতুন ৰেঙনি কঢ়িয়াই অনা বুলি অভিমত প্ৰকাশ কৰে ৷

আনহাতে দেউতাকৰ জন্মদিনত এনেদৰে সকলোকে লগ পাই পৰম সুখ অনুভৱ কৰা বুলি দোহৰাৰ লগতে লক্ষ্যজ্যোতি বৰাৰ শলাগৰ শৰাইৰে অনুষ্ঠানৰ পৰিসমাপ্তি ঘটায় ৷

Leave A Reply