Breaking

ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব বিষ্ণু দেও ছাই…

0 45

নিৰ্বাচনী ফলাফল ঘোষণাৰ কেইবাদিনো পিছলৈকে দেশৰ তিনি খন ৰাজ্যত বিজেপিয়ে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব পৰা নাছিল যদিও অৱশেষত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ বাবে এগৰাকী ৰাজনীতিকক নিৰ্বাচন কৰা হৈছে।বিষ্ণু দেও ছাই হ’ব ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। বিষ্ণু দেও ছাই কুংকুৰিৰ পৰা ছত্তীশগড় বিধানসভা নিৰ্বাচন ২০২৩ ত জয়ী হৈছিল। তেওঁ ২০২০ চনৰ পৰা ২০২২ চনলৈ ভাৰতীয় জনতা পাৰ্টিৰ ছত্তীশগড় ৰাজ্যিক সভাপতি আছিল। তেওঁ প্ৰথম নৰেন্দ্ৰ মোদী কেবিনেটৰ সময়ত তীখা, খনি, শ্ৰম আৰু নিযুক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীও আছিল। ১৯৯৯, ২০০৪, ২০০৯ আৰু ২০১৪ চনত ৰায়গড় সমষ্টিৰ পৰা বিষ্ণু দেওৱে একেৰাহে চাৰিটা লোকসভা নিৰ্বাচনত জয়লাভ কৰিছিল৷ এই নিৰ্বাচনসমূহত ছাইয়ে কংগ্ৰেছৰ প্ৰাৰ্থী ক্ৰমান্বয়ে পুষ্প দেৱী সিং, ৰামপুকাৰ সিং, হৃদয়ৰাম ৰাঠিয়া আৰু আৰতি সিঙক পৰাজিত কৰিছিল৷

ছাইয়ে ১৯৯০ আৰু ১৯৯৩ চনত অবিভক্ত মধ্য প্ৰদেশৰ তপকাৰা সমষ্টিৰ পৰা একেৰাহে দুটা বিধানসভা নিৰ্বাচনত জয়ী হৈছিল। বিষ্ণু দেওৱে এইবাৰ ছত্তীশগড় বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বৰ্তমানৰ বিধায়ক ইউডি মিঞ্জক পৰাস্ত কৰিছিল। ৰাইপুৰত অনুষ্ঠিত বিজেপিৰ বিধায়িনী দলৰ বৈঠকত ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাবে বিষ্ণু দেও ছাইক নিৰ্বাচিত কৰা হয়।

Leave A Reply