গোগামুখ, ১৮ জুনঃ Bishnu rabha । গোগামুখ সংগীত মহাবিদ্যালয়, সংগীত সন্ধানৰ পম খেদি, ঘিলামৰা স্বৰাঞ্জলী সংগীত বিদ্যালয় আৰু গোগামুখ এন চি ডি মহাবিদ্যালয় এন এছ এছ ইউনিটৰ উদ্যোগত ২০ জুনত ৫৬ সংখ্যক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস গোগামুখত উদ্যাপন কৰিবলৈ প্ৰস্তুতি চলাইছে ৷
ধেমাজি জিলাৰ গোগামুখৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা উক্ত বিষ্ণু ৰাভা দিৱসৰ বাবে এক শক্তিশালী উদ্যাপন সমিতি গঠন কৰা হৈছে ৷ এই মৰ্মে চন্দন পেগুক সভাপতি, দিগন্ত বণিয়া, অজিৎ কুমাৰ দলেক যুটীয়া সম্পাদক, সুভাষ পেগুক সহ সম্পাদকৰ দায়িত্ব দিযা হৈছে ৷ কাৰ্যসূচী অনুযায়ী পুৱা ৭ বজাত সামূহিক চাফাই অভিযান চলোৱা হ’ব ৷ বিয়লি ৩ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই ৷

৪ বজাত বিষ্ণু ৰাভাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ ৫ বজাত বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰিব ধেমাজি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মধু শাস্ত্ৰীয়ে ৷ সন্ধিয়া ৬ বজাত মুকলি সভা আৰু বঁটা বিতৰণি সভা অনুষ্ঠিত হ’ব ৷ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোবিন শৰ্মাই ৷
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সোৱণশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰূপেশ্বৰ চেতিয়া, এম এ চিৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, সাধাৰণ সদস্য ৰাজু পেগু, অভিযন্তা প্ৰদীপ কুমাৰ দলে, গোগামুখ পশু চিকিৎসালয়ৰ জেষ্ঠ চিকিৎসক ডাঃ অনিল কুমাৰ পেগু, যুৱ ব্যৱসায়ী মহানন্দ দলে, মধ্য সোৱণশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ৰিপন দলে আদিয়ে ৷ নিশা ৮ বজাত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্ধোধন কৰিব গোগামুখ এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ দলেয়ে ৷ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব বিশিষ্ট লোকশিল্পী তৰাৱতী মিলি বড়ি প্ৰমূখ্যে ন-পুৰণি গায়ক-গায়িকাসকলে ৷ উদ্যোক্তাসকলে উক্ত দিনা সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷