Breaking

বিশ্বনাথ আৱকাৰী বিভাগৰ অভিযান অব্যাহত: ২৫০কাৰ্টুন অৰুণাচলী সুৰাসহ ট্ৰাক জব্দ

0 2,030

বিশ্বনাথ মহকুমা আৱকাৰী বিভাগে অব্যাহত ৰাখিছে অবৈধ অৰুণাচলী সুৰা বিৰুদ্ধে অভিযান। বৃস্হপতিবাৰে ৰাতিপুৱা প্ৰায় ৫ মান বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ  গহপুৰ  পৰা বিশ্বনাথ চাৰিআলি  অভিমুখী গৈ থকা AS 25 CC8900 ট্ৰাকৰ পৰা  বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা উদ্ধাৰ কৰে আৱকাৰী দলটোৱে।উল্লেখযোগ্য যে অৰুণাচলী পৰা তেজপুৰ অভিমুখে এই ট্ৰাক খনত এই অবৈধ অৰুণাচলী সুৰা সমুহ সৰবৰাহ কৰা তথ্য লাভ কৰিছিল আৱকাৰী বিভাগে এই তথ্য ভিত্তিত অভিযান চলাই সুৰা সমূহ জব্দ কৰিবলৈ সক্ষম হয়।এই ট্ৰাক বিশ্বনাথ চাৰিআলি প্ৰতাপগড় চাহ বাগিচাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এৰি পলায়ন কৰা ফলত চালক জনক আটক কৰিবলৈ সক্ষম নহ’ল আৱকাৰীয়ে। ইফালে জব্দ কৰা ট্ৰাক খনৰ পৰা বিভিন্ন বেণ্ডৰ ২৫০ কাৰ্টুন অৰুণাচলী সুৰা জব্দ কৰে ।অভিযানৰ সময়ত উপস্থিত থাকে  বিশ্বনাথ মহকুমা আকৱকাৰী বিভাগৰ উপ অধীক্ষক দ্বীপেন বৰা, বিশ্বনাথ মহকুমা আৱকাৰী পৰিদৰ্শন শৰৎ তমুং, চতিয়া চাৰ্কোলৰ সহ পৰিদৰ্শক জয়ন্ত বৰা ।

Leave A Reply