জম্মু কাশ্মীৰৰ এনে জঘন্য হত্যাকাণ্ডক আমি গৰিহণা দিছোঁ৷(Biswajit Daimary) এই ঘটনাৰ আঁৰত পাকিস্তান আছে ৷ পাকিস্তানে সদায়ে এনে ঘটনাবোৰ কৰি আহিছে৷ তেওঁলোকে নিজেও শান্তিত নাথাকে আনকো শান্তিত থাকিব নিদিয়ে৷ সেয়েহে ইয়াৰ আঁৰত যিসকলৰ হাত আছে তেওঁলোকক এটা স্থায়ী শিক্ষা দিব লাগে৷ এইদৰে কয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ মঙলদৈত এক বিহু সন্মিলনত অংশগ্ৰহণ কৰি দৈমাৰীয়ে কয় যে সেইসকলে আগলৈ যাতে এনে নাৰকীয় কাম কৰিব নোৱাৰে তাৰ বাবে এক উচিত শিক্ষা দিয়াটো সময়ৰ আহ্ৱান৷
তেওঁ কয় যোৱা ২২ এপ্ৰিলৰ পেহেলগাম ঘটনাৰ পিছতে ভাৰত চৰকাৰে তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উচিত পদক্ষেপ গ্ৰহণ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে উচিত কামেই কৰিছে বুলি কৈ আমি সদায় শান্তি বিচৰাৰ পৰিৱৰ্তে একাংশই অশান্তি বিচাৰে৷ পাকিস্তানৰ এনে কাৰ্যক সহ্য কৰা নহ’ব বুলিও কয়৷
ভাৰতৰ ভূস্বৰ্গখ্যাত কাশ্মীৰলৈ বহু লোক ফুৰিবলৈ যায বুলি কৈ ঘটনাৰ পিছত বহুতে ছ’চিয়েল মিডিয়াত ফটো দিয়া দেখা গৈছে৷ কিন্তু কাশ্মীৰলৈ আমাৰ লোক যাব লাগিবই বুলিও কয়৷ আনহাতে, এআইএইউডিএফৰ বিধায়ক আমিনুল ইছলাম গ্ৰেপ্তাৰ সম্পৰ্কেও সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াই কয় যে সেয়া আইনৰ কথা৷ সাধাৰণতে বিধায়ক এগৰাকী গেপ্তাৰ কৰিলে আমাক পৰৱৰ্তী সময়ত কিয় গ্ৰেপ্তাৰ কৰিছে তাক জনাব লাগে৷ আন বিষয় আমাৰ সৈতে জড়িত নাই৷ কিন্তু বিধানসভা চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰিব লগা হ’লে আমাৰ পৰা আগতীয়া অনুমতি ল’ব লাগে বুলি অধ্যক্ষ দৈমাৰীয়ে কয়৷