Breaking

অসমৰ ১১ টা সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা বিজেপিৰ, কোন সমষ্টিত কোনে পালে টিকট?

0 19

অসমৰ ১১ টা সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণাকৰিলে বিজেপিয়ে।বিজেপিৰ প্ৰথম তালিকা প্ৰকাশৰ পিছতে দেশৰ বিভিন্ন ৰাজ্যত এতিয়া প্ৰাৰ্থিত্ব লাভ কৰা প্ৰাৰ্থীসকলৰ মাজত আনন্দৰ লহৰ বৈ গৈছে। আজি প্ৰকাশিত বিজেপিৰ প্ৰথম খন প্ৰাৰ্থী তালিকাত অসমৰো ১১ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। অসমৰ ১১ সমষ্টিৰ কোন ক’ত ? জানো আহক। ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল ,লখিমপুৰত প্ৰদান বৰুৱা ,শোণিতপুৰত ৰঞ্জিত দত্ত, যোৰহাটত তপন কুমাৰ গগৈ ,কাজিৰঙাত কামাখ্য প্ৰসাদ তাছা ,দৰং-ওদালগুৰিত দিলীপ শইকীয়া ,নগাঁৱত সুৰেশ বৰা ,গুৱাহাটীত বিজুলী কলিতা মেধি, ডিফুত অমৰ সিং টিছ’, শিলচৰত পৰিমল শুক্লবৈদ্য ,কৰিমগঞ্জত কৃপানাথ মাল্লা। উল্লেখ্য আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে ইয়াৰ সহযোগী দল অগপক বৰপেটা আৰু ধুবুৰী আসন দুখন এৰি দিছে। একেদৰে কোৰাঝাৰত এখন আসন ইউপিপিএলক এৰি দিছে। সেয়ে ১৪ খন আসনৰ ভিতৰত ১১ খনতহে বিজেপিৰ প্ৰাৰ্থীয়ে আৰু প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈছে।

প্ৰকাশিত প্ৰথম খন তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ ১৯৫ জন প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা হয়। আজি প্ৰকাশিত প্ৰথম খন প্ৰাৰ্থী তালিকাত তালিকাত ৩৪ গৰাকী বৰ্তমানৰ মন্ত্ৰীও আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে গান্ধীনগৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।আগন্তুক লোকসভা নিৰ্বাচনত ৩৭০ খন আসন জিকাৰ লক্ষ্যৰে অগ্ৰসৰ হোৱা বিজেপিয়ে শনিবাৰে প্ৰকাশ কৰা প্ৰথম প্ৰাৰ্থী তালিকাত বহু কেইগৰাকী হেভৱেট প্ৰাৰ্থী আছে।লক্ষ্যণীয় কথাটো হ’ল বিজেপিয়ে নিৰ্বাচনৰ তাৰিখ প্ৰকাশৰ জাননী দিয়াৰ আগতেই ১৯৫ গৰাকী প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে। তালিকাখনত তৃতীয়বাৰৰ বাবে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম আছে। তালিকাত প্ৰায় ৩৪ গৰাকী মন্ত্ৰী আৰু দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীও আছে। বিজেপিয়ে আজি প্ৰকাশ কৰা প্ৰথম খন প্ৰাৰ্থী তালিকাত ২৮ গৰাকী মহিলা প্ৰাৰ্থী, ৫০ বছৰৰ তলৰ ৪৭ গৰাকী প্ৰাৰ্থী আৰু অ’বিচি সম্প্ৰদায়ৰ ৫৭ গৰাকী প্ৰাৰ্থী আছে। তালিকাত ৫১ গৰাকী উত্তৰ প্ৰদেশৰ , ২০ গৰাকী পশ্চিম বংগৰ আৰু পাঁচগৰাকী দিল্লীৰ। দিল্লীত প্ৰবীণ খাণ্ডেলৱাল, মনোজ তিৱাৰী আৰু সুষমা স্বৰাজৰ কন্যা বনচুৰী স্বৰাজো প্ৰাৰ্থীসকলৰ ভিতৰত আছে। ইয়াৰ পূৰ্বে ৰাজ্যসভাৰ পৰা নিৰ্বাচিত হোৱা স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই গুজৰাটৰ পোৰবন্দৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

Leave A Reply