Breaking

‘কা’ আইন জাপি দি খিলঞ্জীয়াৰ অস্তিত্ব সংকট নমাই আনিছে বিজেপিয়ে : বিপিএফ প্ৰাৰ্থী হিতেশ বসুমতাৰী

0 2,061

‘কা’ৰ নিচিনা ভয়ংকৰ আইন জাপি দি খিলঞ্জীয়াৰ অস্তিত্বৰ সংকট নমাই আনিছে বিজেপিয়ে। গতিকে বিজেপিৰ বিৰুদ্ধে ৰাইজে এইবাৰ মাৰবান্ধি থিয় হোৱাৰ বাবে একত্ৰিত হৈছে। আজি বাক্সা জিলাৰ সদৰ মুছলপুৰত বিপিএফৰ উদ্যোগত উলিওৱা এক মহিলা পদযাত্ৰাত অংশগ্ৰহণ কৰি ৬৩ নং চাপাগুৰি সমষ্টিৰ দলীয় প্ৰাৰ্থী হিতেশ বসুমতাৰীয়ে এইদৰে কয়। তেখেতে কয় যে, কংগ্ৰেছ, বিপিএফ, এআইইউডিএফ, চিপিআই, চিপিআই(এম এল), চিপিআই(এম)ৰ মহাজোঁটে ঐক্যবদ্ধ হোৱাৰ বাবে আমি এইবাৰৰ বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰিব পাৰিম। ইতিমধ্যে চাপাগুৰি সমষ্টিটোৰ সকলো ধৰ্মালম্বী লোকে নিজকে বিজেপিৰ দৰে অপশক্তিৰ পৰা ৰক্ষা পৰাৰ বাবে একত্ৰিত হৈছে। সেয়েহে সমষ্টিটোৰ ভোটাৰ ৰাইজে একত্ৰিত হৈ  বিপিএফ দলক ভোট প্ৰদান কৰাৰ বাবে সাজু হোৱা বুলি মন্তব্য কৰে। সমষ্টিটোৰ ভোটাৰ ৰাইজক এইবাৰৰ নিৰ্বাচনত শান্তি-সম্প্ৰীতি অক্ষু্ণ্ণ ৰক্ষাৰ স্বাৰ্থত বিপিএফক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। আজি এই মহিলা পদযাত্ৰাত প্ৰায় তিনি শতাধিক মহিলাই পদযাত্ৰা কৰি সমষ্টিটোৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰে ৷

Leave A Reply