Breaking

আছানচোল লোকসভা আসনত প্ৰতিদ্বন্দ্বিতা নকৰে বিজেপিৰ প্ৰাৰ্থী তথা ভোজপুৰী গায়ক পৱন সিঙে…

0 23

নিশাটোৰ ভিতৰতে সলনি হ’ল সিদ্ধান্ত৷ বিজেপিয়ে শনিবাৰে লোকসভা নিৰ্বাচন ২০২৪ৰ ঘোষণা কৰা ১৯৫ জনীয়া প্ৰথম খন তালিকাত আছানচোলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছিল ভোজপুৰী গায়ক পৱন সিঙে৷ আছানচোলৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলগীয়া সিঙে অৱশ্যে সেই আসনৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ নহয় বুলি ঘোষণা কৰিছে৷ । ভোজপুৰী গায়কজনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক তেওঁৰ এক্স-হেণ্ডেলত টেগ কৰি এই কথা জনাইছে। বিজেপি প্ৰাৰ্থী গৰাকীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পিছতে টিএমচিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে কৈছে যে ৰাজ্যখনৰ জনসাধাৰণৰ “ৰাজহুৱা হুংকাৰ”ৰ বাবেই পৱনে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰা হৈছে৷ উল্লেখ্য পৱন সিঙে লিখিছে “মই ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি আন্তৰিকতাৰে কৃতজ্ঞ। দলটোৱে মোক বিশ্বাস কৰিছিল আৰু মোক আছানচোলৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল, কিন্তু কিবা কাৰণত, মই আছানচোলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিম।’’ কিন্তু ভোজপুৰী গায়কজনে ৰাতিটোৰ ভিতৰতে তেওঁৰ মন সলনি কৰিলে কিয়?

পৱন সিঙৰ নাম ঘোষণা হোৱাৰ পিছৰে পৰা আছানচোলৰ বিজেপি প্ৰাৰ্থীজনকলৈ যথেষ্ট আলোচনা হৈছে৷ সকলোৱে গায়কজনক গৰিহণা দিয়া দেখা গৈছে৷ অভিযোগ অনুসৰি গায়কজনে বংগৰ মহিলাসকলকলৈ ‘যৌন উদ্দীপনামূলক’ গীত গাইছিল৷ সেয়ে সমষ্টিটোৰ মহিলাসকলৰ ৰোষত পৰিছে পৱন সিং৷

Leave A Reply