Breaking

ওৰাঙত ৭০নং মাজবাট বিধান সভা সমষ্টিৰ বিজেপিৰপ্ৰাৰ্থী জিতু কিষানক শ শ লোকৰ উষ্ণ আদৰণি

0 2,066

অসম বিধানসভা নিৰ্বাচন দিন চমু চাপি অহাৰ লগে লগে অন্যান্য সমষ্টি সমূহৰ লগতে ৭০নং মাজবাট বিধানসভা সমষ্টিটো বিভিন্ন ৰাজনৈতিক দলৰ নির্বাচনী তৎপৰতা বৃদ্ধি পাইছে । বিজেপি দলে প্ৰাক্তন এম চি অল এ থকা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহ সদস্য জিতু কিষাণক দলীয় প্ৰাৰ্থীত্ব আগবঢ়াইছে । সমষ্টিটোত বিজেপি ওদালগুৰি জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকা  প্ৰাৰ্থীত্ব দাবীদাৰ আছিল যদিও দলে জিতু কিষানক হে দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰে । সমষ্টিটোত ২৩ বছৰে কংগ্ৰেছ দলে ,  ১৫ বছৰ বিপিএফ দলে , আৰু পাঁচ বছৰ নিৰ্দলীয়ই শাসন ভাৰ চলাইছিল । বৰ্তমানৰ বিপিএফ দলৰ দুৰ্গ স্বৰূপ সমষ্টিটোত  বিজেপি দলে যিকোনো প্ৰকাৰে নিজৰ হাতলৈ লৈ দলীয় নেতা কৰ্মী সকলে পৰিয়াল সম্পৰ্ক অভিযানৰ জৰিয়তে ৰাইজৰ ঘৰে ঘৰে গৈ সম্পৰ্ক অভিযান চলাই আহিছে । বিগত বিটিআৰ নিৰ্বাচনাতো উক্ত বিধানসভা সমষ্টি দলৰ লক্ষ্যৰে এম চি অল এ সকলক জয় কৰাই অনাৰ স্বাৰ্থত ২৬ টা সমষ্টিত বিজেপি দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল আৰু ৯ খন কৈ এম চি অল এ  ৰ  আসন জয় কৰিবলৈ সক্ষম হৈছিল । মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিটো বিপিএফ দলৰ পৰা বিজেপি দলে আজুৰি  আনি বিধানসভাৰ বিধানসভাৰ বাবে টঙালি বান্ধিছিল । বৰ্তমান বিপিএফ দলৰ বিধায়ক চৰণ বড়ো দলৰ স্থিতি যিয়েই নহওঁক ব্যক্তি হিচাবে তেখেতৰ জনপ্ৰিয়তা নুই কৰিব নোৱাৰি । বিপিএফ, কংগ্ৰেছ , এ আই ইউ ডি এফ ৰ  মহাজোঁটৰ প্ৰাৰ্থী হোৱাটো নিশ্চিত হৈছে । বিজেপি প্ৰাৰ্থী জিতু কিষানেও সমষ্টিটোত অধীনস্থ আঠ খনকৈ চাহ বাগিচাৰ লগতে গাঁও আৰু অঞ্চলতো সমান্নয় বজাই ৰাখিছে । সমষ্টিটোত এই বেলি এক লাখ সাতাউন্ন ১৫৭৪৪৯ ভোটাৰে ভোট দান সাব্যস্ত কৰিব । সমষ্টিটোত বড়ো সম্প্ৰদায়ৰ ৪২,০০০ , চাহ জনগোষ্ঠী ৩৯০০ হাজাৰ মুছলমান ৩২০০০ হাজাৰ , খিলঞ্জীয়া অসমীয়া ১৩০০০ হাজাৰ বেংঙালী সাম্প্ৰদায়ৰ ১২০০০ হাজাৰ নেপালী ১১০০০ , হিন্দী ভাষী ৩০০০ আৰু অন্যান্য ৪০০০ ভোটাৰ এইদৰে সম্প্ৰদায়ৰ ভিক্তিত আছে ।  উল্লেখ্য যে  ৬ ফেব্ৰুৱাৰীত  বিজেপি দলীয় টিকট লৈ সমষ্টিলৈ ৰাওনা হওঁতে বিজেপি দলৰ নৱ নিৰ্বাচিত প্ৰাৰ্থী জিতু কিষানক  ওৰাং লক্ষী মন্দিৰ প্ৰাংগনত মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মা ৰ লগতে বহুতো জ্যেষ্ঠ  দলীয় কাৰ্য্যকৰ্তা আৰু  স্থানীয় ৰাইজে  শ শ গামোছাৰে শ শ লোকে বিপুল আদৰণি জনায় ।বিজেপিৰ কৰ্মী লাধু লোহাৰ , চাৰ্জ্জু চাওৰা , পুষ্প থাপা , ৰঞ্জন ডেকা , মন্না দে , কঁপিল মহাতো , বনলতা শৰ্মা , বিজয়া বৰা , পদুমী মহানন্দ , শচীন মহানন্দ ,বিজয়া বৰা,দিব্য জ্যোতি শইকীয়া আদি উপস্থিত থাকি আদৰনি জনায় ৷

Leave A Reply