Breaking

বিজেপিৰ শালকোচা মণ্ডলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ উপলক্ষে ৰেডিঅ বিতৰণ

0 39

ভাৰতীয় জনতা পাৰ্টীৰ শালকোচা মণ্ডলৰ সভাপতি পতুল চন্দ্ৰ বৰ্মনৰ সভাপতিত্বত শালকোচা পঞ্চায়ত ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত উপলক্ষে শালকোচা মণ্ডলৰ সমূহ বুথ কমিটীৰ সভাপতিক লৈ এখন ৰেডিঅ’ বিতৰণ সভা অনুষ্ঠিত হয়।

নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ এই অনুষ্ঠানটো পোনপটীয়াকৈ শুনাৰ বাবে উক্ত মণ্ডলৰ সমূহ বুথ কমিটীৰ সভাপতিক ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সম্পাদিকা তথা বিলাসীপাৰা জিলা প্ৰভাৰী টিনামণি দৈমাৰীয়ে এটা কৈ ৰেডিঅ বিতৰণ কৰে।

এই মন কী বাত ৰেডিঅ’ অনুষ্ঠানৰ জৰিয়তে প্ৰতিটো বুথ কমিটীয়ে সফল হ’ব বুলি নেত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰে। বুথ কমিটীয়ে ৰেডিঅ পাই সুখী আৰু আনন্দিত হয়।

নেত্ৰী গৰাকীৰ এনে কাৰ্যত শালকোচা মণ্ডলৰ সমূহ বুথ কমিটীৰ সভাপতিয়ে ধন্যবাদ জ্ঞাপন কৰে।

-ছুৰুত জামান, বিলাসীপাৰা

Leave A Reply