Breaking

ৰণগৌড়াৰ হাতত ধৰি BTRত খোপনি দৃঢ় কৰিছে বিজেপিয়ে!

0 2,030

আকৌ প্ৰাসংগিক হৈ উঠিছে বিজেপিৰে মিত্ৰতা কৰা আঞ্চলিক দলৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা ৷ বিটিআৰত শক্তিশালী হোৱাৰ দিশে ধাৱমান বিজেপি ৷ BPF, AGPৰ দৰে একে দশা হ’ব নেকি UPPLৰো? UPPLৰ ৰাজনৈতিক ভৱিষ্যতক লৈ এই প্ৰশ্নটো প্ৰাসংগিক কৰিছে বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটে ৷ ২০০১চনত প্ৰফুল্ল কুমাৰ মহন্তই বিজেপিৰে মিত্ৰতা কৰাৰ সময়ত অসমত অস্তিত্ব নাছিল বিজেপিৰ ৷ আৰু বৰ্তমান বিজেপি অবিহনে গতি নাই আঞ্চলিক দল অসম গণ পৰিষদৰ ৷ বিজেপিৰ সবল নেটৱৰ্ক ৰাজনৈতিক কৌশলত ভৰি দিয়া অগপৰ এসময়ৰ বাঘা বাঘা নেতাৰে ভৰি পৰিল বিজেপি ৷ এসময়ত দিছপুৰৰ মচনদ দখল কৰা এতিয়া অগপৰ বিধায়কৰ সংখ্যা মাত্ৰ ৯জন ৷ অগপৰ দৰে দেশৰ প্ৰায় ১৫ৰ পৰা ২০টা আঞ্চলিক দল এতিয়া অস্তিত্বৰ সংকটত ৷ জন্মু কাশ্মীৰ ,লাডাখতো অস্তিত্বহীন বিজেপি এতিয়া ডাঙৰ ফেক্টৰ ৷ ১৯৯৯ত ২৯জন সাংসদ থকা কিং মেকাৰ তেলেগু দেশম পাৰ্টী অস্তিত্বৰ সংকটত , হাৰিয়ানাত INLD অস্তিত্বৰ সংকটত,অস্তিত্বৰ সংকটত ঝাৰখণ্ড মুক্তি মৰ্চাও,বিজেপিৰ গ্ৰাসত ছিক্কিম ডেম’ক্ৰেটিক ফ্ৰণ্ট বিজেপিৰ গ্ৰাসত NPF ৷ একেদৰে অগপ,বিপিএফকো বিজেপিয়ে সম্পূৰ্ণৰূপে গ্ৰাস কৰিছে ৷ 

শেহতীয়াকৈ বিজেপিৰ গ্ৰাসত UPPL ৷ UPPLএ নামত ৰণ গৌড়া নাৰ্জাৰীৰ দৰে এজন প্ৰভাৱশালী বড়ো নেতা তথা  ABSUৰ প্ৰাক্তন সভাপতিক ৰাজ্যসভালৈ পঠিওৱাটো বড়ো ৰাজনীতি‌ৰ বাবে এক turning point যদিও ২০০১ত বিজেপিয়ে AGPৰ সৈতে মিত্ৰতা কৰাৰ পিছত AGPৰ এতিয়াৰ অৱস্থা সকলোৰে চকুৰ আগত। দেখাত Short term gain হিচাপে UPPL দলে এজন‌ ৰাজ্য সভাৰ সাংসদ পাইছে ঠিকেই কিন্তু long term gain হিচাপে বিজেপি বড়ো ৰাজনীতিৰ গভীৰতম কোণলৈ সোমাই গৈছে।‌  UPPLদলে AGP, BPF আদি দলবোৰৰ ইতিহাসলৈ চাই  নিজৰ ভালৰ বাবেই সতৰ্কতাৰে আগবঢ়া ভাল। অগপৰ নেতাৰে বিজেপি শক্তিশালী হোৱাৰ দৰে বিটিচিতো বিপিএফৰ নেতাৰ আমদানীৰে বিজেপি ইতিমধ্যেই শক্তিশালী হ’ল ৷ এসময়ৰ ফেক্টৰ বিপিএফ এতিয়া ধৰাশায়ী ৷ বিপিএফৰ বিধায়ক এতিয়া মাত্ৰ ৩জন ৷ এটা কথা ঠিক, বিজেপিৰ ফৰ্মুলা সফল ৷ পিছে এই ফৰ্মুলাক অনুধাৱন নকৰিলে অসমত আঞ্চলিক দল যে শূন্য হ’ব সেয়া নিশ্চিত ৷

Leave A Reply