Breaking

‘বিজেপিয়েই হৈছে দেশৰ সৰ্বাধিক প্ৰিয় দল’: বিজেপিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য…

0 8

‘বিজেপিয়েই হৈছে দেশৰ সৰ্বাধিক প্ৰিয় দল’: বিজেপিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

বিজেপিয়েই হৈছে দেশৰ সৰ্বাধিক প্ৰিয় দল, এই মন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মোদীয়ে শনিবাৰে বিজেপিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে। দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে মোদীয়ে দলৰ সকলো কৰ্মকৰ্তাকে শুভেচ্ছা জ্ঞাপন কৰে। দীৰ্ঘদিন ধৰি তেওঁ জনসাধাৰণৰ বাবে কৰা বিভিন্ন কামৰ বিষয়েও আলোকপাত কৰে। মোদীয়ে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে পূৰ্বতকৈও ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে। দলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে শনিবাৰে পুৱা নৰেন্দ্ৰ মোদীয়ে এক্স-হেণ্ডেলত পোষ্ট কৰে “আজি আমাৰ দল বিজেপিৰ প্ৰতিষ্ঠা দিৱসত মই দেশৰ সকলো কৰ্মকৰ্তাক অভিনন্দন জনাইছো।

মোৰ সেই সকলো পুৰুষ আৰু মহিলাকো মনত পেলাইছো যিসকলে দীঘলীয়া সময় ধৰি তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, সংগ্ৰাম আৰু ত্যাগেৰে দলটো গঢ়ি তুলিছিল। আজি মই আত্মবিশ্বাসেৰে ক’ব পাৰোঁ যে আমি ভাৰতৰ প্ৰিয় দল। আমাৰ দলে সদায় ‘নেশ্যন ফাৰ্ষ্ট’ৰ নীতিৰ আধাৰত কাম কৰি আহিছে। ” মোদীয়ে লগতে কয় “এয়া আমাৰ সকলোৰে বাবে আনন্দৰ কথা যে বিজেপিয়ে ইয়াৰ উন্নয়নমূলক দৃষ্টিভংগী, সুশাসন আৰু দেশৰ প্ৰতি প্ৰতিশ্ৰুতিৰ জৰিয়তে দেশৰ জনসাধাৰণৰ মাজত এক পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। আমাৰ দলটোত দেশৰ ১৪০ কোটি লোকৰ সপোনৰ প্ৰতিফলন ঘটিছে। দেশৰ যুৱ প্ৰজন্মই অনুভৱ কৰে যে আমাৰ দলে নিজৰ লক্ষ্য প্ৰাপ্ত কৰিব পাৰিব। তেওঁলোকে ভাবে যে একবিংশ শতিকাত ভাৰতক নেতৃত্ব দিয়া দল হৈছে বিজেপি। “

উল্লেখ্য বিজেপিয়ে কেন্দ্ৰৰ লগতে আৰু বিভিন্ন ৰাজ্যত চৰকাৰ চলাই আছে। এই প্ৰসংগতে মোদীয়ে কয় “কেন্দ্ৰতেই হওঁক বা ৰাজ্যতেই হওঁক, আমাৰ দলে সুশাসন প্ৰতিষ্ঠা কৰিব পাৰিছে। আমাৰ জনমুখী আঁচনি আৰু নীতিসমূহে দেশৰ দৰিদ্ৰ তথা দলিত লোকসকলৰ শক্তি হিচাপে কাম কৰিছে। আনকি যিসকল কেইবা দশক ধৰি অৱহেলিত হৈ আছিল তেওঁলোকেও আমাৰ দলৰ জৰিয়তে তেওঁলোকৰ হেৰুৱা কণ্ঠস্বৰ বিচাৰি পাইছে। আমি প্ৰতিজন ভাৰতীয়ৰ জীৱন সহজ কৰি তুলিব পৰাকৈ সকলো ক্ষেত্ৰতে অগ্ৰগতি লাভ কৰিছো।আমাৰ দলে ভাৰতক দুৰ্নীতি, সাম্প্ৰদায়িকতা, জাতিবাদ আৰু ভোট বেংকৰ ৰাজনীতিৰ পৰা মুক্ত কৰিছে। যিসকলে দীৰ্ঘদিন ধৰি ভাৰত শাসন কৰি আহিছে তেওঁলোকৰ বাবে ই এক আদৰ্শ হিচাপে কাম কৰিছে। আজিৰ ভাৰত এখন স্বচ্ছ আৰু দুৰ্নীতিমুক্ত চৰকাৰ থকা ভাৰত। “

Leave A Reply