Breaking

বিজেপি বিশ্বৰ আটাইতকৈ অধিক ধন সংগ্ৰহকাৰী দলঃ ভূপেন বৰা…

0 24

“বিজেপিৰ অপশাসন আৰু ভ্ৰস্তাছাৰৰ বিৰুদ্ধে যাতে বিৰোধীৰ মূল নেতাসকল সৰ্বসাধাৰণৰ মাজলৈ যাব নোৱাৰে বা প্ৰচাৰ কৰিব নোৱাৰে তাৰবাবেই চৰকাৰে আপৰ নেতা অৰৱিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছে৷ কিন্তু তেওঁ কেইদিনমান আমাৰ মাজত নাথাকিলেও বিৰোধী ঐক্যমঞ্চই সেই অভাৱ পূৰণ কৰিব আৰু অৰৱিন্দ কেজৰিৱাল আৰু হেমন্ত সেনৰ মুক্তিৰ বাবে আমি দেশৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম৷বিজেপিৰ বিৰুদ্ধে এই যুঁজ নিৰবিচ্চিন্ন ভাবে অব্যাহত থাকিব৷” শুক্ৰবাৰে তেজপুৰস্হিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ তেওঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এজন আপোনপেটীয়া লোক বুলি অভিহিত কৰি বৰাই লগতে কয় যে আপোনপেটীয়া লোক এজন দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবেই দেশৰ আটাইতকৈ গণতান্ত্ৰিক ব্যৱস্থা নিৰ্বাচনতো চৰকাৰে হাত দিছে৷নিৰ্বাচনী আয়োগে ৰাজনৈতিক দল সমূহক নিৰ্বাচনী ব্যয়ৰ বাবে সীমা নিৰ্দ্ধাৰণ কৰি অনুমতি দিয়া সত্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত কংগ্ৰেছৰ ১১ টা বেংক একাউণ্ট ফ্ৰীজ কৰিছে আৰু বলপূৰ্বকভাৱে বেংকত জমা থকা কংগ্ৰেছৰ ১১৫.৩২ কোটি টকা উলিয়াই লৈ গৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই পুনৰ কয় যে,ইণ্ডিয়া মিত্ৰজোঁটৰ জনপ্ৰিয়তাত ভীতিগ্ৰস্ত হৈয়েই প্ৰধানমন্ত্ৰীয়ে এই কাম কৰিছে৷

আনহাতে ইলেক্টৰেল বণ্ডৰ নামত বৃহৎ স্কেম বিজেপিয়ে কৰা বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে,সন্ত্ৰসবাদী সংগঠনে যেনেদৰে টকা সংগ্ৰহ কৰে তেনেদৰে এই বণ্ডৰ জৰিয়তে বিজেপিয়ে ধন সংগ্ৰহ কৰিছে৷তেওঁ কয়“পাকিস্তানৰ কোম্পানী তথা জুৱাৰীৰ পৰাও ধন সংগ্ৰহ কৰিছে বিজেপিয়ে। সভাপতি বৰাই আৰু কয় যে চিবিআই,আয় কৰ আৰু ঈডি য়ে যি বোৰ অনুষ্ঠানত অভিযান চলাইছিল সেইবোৰৰ টকাৰ অধিকাংশ বিজেপিৰ দলৰ ফাণ্ডত জমা হৈছে।আনহাতে, ইলেক্টৰেল বণ্ডৰ জড়িয়তে ৰাজনৈতিক দল সমূহে যিমান টকা পায় বিজেপিয়ে ইয়াৰ ৫০শতাংশ লাভ কৰিছে আৰু কংগ্ৰেছ এটা প্ৰাচীন ৰাজনৈতিক দল হোৱাৰ পিছতো মাত্ৰ ১১শতাংশহে হে পাইছে বুলি তেওঁ সংবাদ মেলত উল্লেখ কৰে৷তেওঁ কয় যে ইলেক্টৰেল বণ্ড কেলেংকাৰি হেঁচা প্ৰয়োগ কৰি ঢাকি ৰাখিবলৈ চেষ্টা কৰিছিল বিজেপিয়ে। বিজেপিয়ে দেশত অৰাজকটাৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰি বৰাই আৰু কয় যে,কংগ্ৰেছৰ ২১০ কোটি টকাৰ ফিক্সড ডিপোজিতৰ লেনদেন বন্ধ কৰি দিছে৷বৰাই এই সন্দৰ্ভত কয় যে ২০১৭-১৮ত কংগ্ৰেছে দেশৰ সৰ্বসাধাৰণৰ পৰা ধন সংগ্ৰহ কৰিছিল আৰু ইয়াৰে ভিতৰত ১৯৯কোটি টকা চেক বা আন ধৰণে আদায় দিয়াৰ বিপৰীতে মাত্ৰ ১৪লাখ টকা নগদ সংগ্ৰহ হৈছিল৷এই পৰিমান মাত্ৰ ০.০০৭শতাংশ বুলি উল্লেখ কৰি বৰাই কয় যে আয়কৰ বিভাগে ইয়াৰ বিপৰীতে অতি বেছি ১০হেজাৰ টকাহে জৰিমনা আদায় কৰিব লাগে য’দিও কংগ্ৰেছৰ পৰা ১০৬কোটি টকা জৰিমনা আদায় কৰিছে৷তেওঁ পৃথিৱীৰ ভিতৰতে বিজেপি আটাইতকৈ অধিক ধনসংগ্ৰহকাৰী দল বুলিও মন্তব্য কৰা বৰাই কয় যে কংগ্ৰেছে ৰাজ্যৰ পাঁচখন লোকসভা আসনত ৱাকঅভাৰ পোৱাৰ দৰে হৈ আছে৷তেওঁ পুনৰ কয় যে বিজেপিয়ে ১০-১৪খন আসন পাব বুলি কৈ থকাৰ বিপৰীতে মূল্য বৃদ্ধিত চটফটাই থকা মানুহে কি ভাবিছে সেইটোহে ডাঙৰ কথা৷একেদৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ কিয় কৰা নহ’ল,বিজেপি শাসনলৈ আহিলে অবৈধ বিদেশী বহিস্কাৰ কিয় কৰা নহ’ল,পতাকা যিমান ওপৰলৈ উৰিলেও চাহশ্ৰমিকৰ দৈনিক মজুৰি কিয় বৃদ্ধি কৰা নহ’ল,এক পেঞ্চন নীতিৰ দাবী কৰি অহা সকলৰ দাবী কিয় মানিলোৱা নহ’ল এইবোৰ কথা ৰাইজে কেনেদৰে লৈছে সেয়াহে ডাঙৰ কথা বুলি মন্তব্য কৰি বৰাই আৰু কয় যে,সম্প্ৰতি ৰাজ্যৰ মুখ্যমন্ত্ৰীজন গাঁৱে গাঁৱে কিয় ঘূৰি ফুৰিব লগীয়া হৈছে য’দিহে তেওঁলোকে ইমান ভালকামেই কৰিছিল৷সম্প্ৰতি বিজেপিৰ এজনো মন্ত্ৰী বিধায়ক দিছপুৰত কিয় নাই বুলিও প্ৰশ্ন কৰি বৰাই কয় ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে’ মানুহে নিশ্চয় চাব৷আনহাতে আপক গুৱাহাটী আৰু শোণিতপুৰৰ আসন দুখন এৰি দিবলৈ পত্ৰ লিখাৰ পাছত আপে গুৱাহাটীৰ আসনখন এৰি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰি বৰাই কয়“এতিয়াও সময় আছে৷ পাৰিলে আপ-ৰ প্ৰাৰ্থী গৰাকীয়ে শোণিতপুৰত মনোনয়ন দাখিল কৰিব নালাগে৷”সংবাদমেলৰ পৰাই আপৰ প্ৰাৰ্থীজনলৈ তেওঁ এই আহ্বান জনোৱা বুলিও কয়৷


আনহাতে, বিজেপিৰ সভাপতি ভৱেশ কলিতাই কংগ্রেছক পুৰণি দুটকীয়া নোট বুলি কৰা কটাক্ষৰ উত্তৰত ভূপেন বৰাই কয় যে, কংগ্ৰেছ পুৰণি দুটকীয়া নোট নে বিজেপি অচল দুহেজাৰ টকীয়া নোট সেয়া চাৰি জুনত প্ৰকাশ পাব৷

Leave A Reply