Breaking

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বাহনত আক্ৰমণ তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ !

0 2,146

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বাহনত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ । পশ্চিম বংগ ভ্ৰমণলৈ যোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ বাহনত শিলেৰে আক্ৰমণ । তৃণমূল কংগ্ৰেছৰ সমৰ্থকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে পশ্চিম বংগ বিজেপিয়ে। ইয়াৰ পিছতেই কলকাতাৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

এই আক্ৰমণৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰা দেখা গৈছে চচিয়েল মিডিয়াত ।

ভাইৰেল হৈ পৰা ভিডিঅ’টো

২৪ দক্ষিণ পাৰাগন জিলাৰ ডাইমণ্ড হাৰ্বাৰ এলেকালৈ যোৱাৰ সময়তে নেতাগৰাকীৰ বাহনত এই আক্ৰমণ ।


কেৱল জে পি নড্ডাৰ বাহনেই নহয়, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গিয়াৰ বাহনকো আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰা হৈছে ।

বিজেপিৰ পশ্চিম বংগৰ সভাপতি দিলীপ ঘোষে কয় যে, “আমি ডাইমণ্ড হাৰ্বাৰলৈ গৈ থকাৰ সময়তে তৃণমূল কংগ্ৰেছৰ সমৰ্থকে আমাৰ বাহন আগভেটি ধৰে আৰু নাড্ডাজিৰ লগতে আন বাহনত শিলেৰে আক্ৰমণ কৰে। এয়াই তৃণমূল কংগ্ৰেছৰ চৰিত্ৰকে প্ৰতিফলিত কৰিছে।”

পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰা দেখা যায় ।

Leave A Reply