Breaking

অহা সপ্তাহত বিজেপিয়ে ১৫০ খন আসনৰ বাবে কৰিব পাৰে প্ৰাৰ্থী ঘোষণা, ২৯ ফেব্ৰুৱাৰীত বৈঠক…

0 30

লোকসভা নিৰ্বাচনৰ বাবে ২৯ ফেব্ৰুৱাৰীত বিজেপিৰ বিশেষ বৈঠক অনুষ্ঠিত হ’ব। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে বিজেপিয়ে অহা সপ্তাহত ১৫০ খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে। একে সময়তে বিৰোধী শিবিৰ আৰু ইণ্ডিয়া মিত্ৰজোঁট আসন ভাগ-বতৰাৰ বাবে তৎপৰতা দেখুৱাইছে। এনে সময়তে বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে। সূত্ৰ অনুসৰি গেৰুৱা দলটোৱে অহা সপ্তাহত লোকসভা নিৰ্বাচনৰ বাবে কমেও ১৫০ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে।


নিৰ্বাচন আয়োগে এমাহৰ ভিতৰত লোকসভা নিৰ্বাচন ২০২৪ ৰ তাৰিখ ঘোষণা কৰিব। এইবাৰ বিজেপিয়ে একক ভাবে ৩৭০ খন আসনত জয়ী হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এনডিএ হিচাপে ৪০০ খন আসনৰ লক্ষ্য স্থিৰ কৰা হৈছে।সেই লক্ষ্যত উপনীত হ’বলৈ বিজেপিয়ে বিপক্ষতকৈ আগবাঢ়ি থকাটো গুৰুত্বপূৰ্ণ। বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ এখন বৈঠক ২৯ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হ’ব। সেই বৈঠকৰ পিছত গেৰুৱা শিবিৰে কমেও ১৫০ খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব পাৰে। লোকসভা নিৰ্বাচনত, বিজেপিয়ে শেহতীয়াকৈ সৰ্বাধিক সংখ্যক আসনত প্ৰতিদ্বন্দিতা কৰিব পাৰে। মিত্ৰজোঁটৰ অংশীদাৰ দলবোৰে বহু কম আসনত যুঁজ দিয়াৰ সুবিধা পাব পাৰে। প্ৰথম পৰ্যায়ত ঘোষণা কৰিবলগীয়া ১৫০ জন প্ৰাৰ্থীৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ থকাৰ সম্ভাৱনা আছে। মোডীয়ে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দিতা কৰিব আৰু অমিত শ্বাহে গান্ধীনগৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰটোৰ মতে টিকট পোৱাটো নিশ্চিত হোৱা শীৰ্ষ বিজেপি নেতাসকলৰ ভিতৰত আছে নীতিন গাডকাৰী, ৰাজনাথ সিং আদি নেতাসকল। ইপিনে দিল্লীৰ তিনি খন আসনৰ বাবে বিজেপিয়ে তিনিজনক বাছনি কৰাৰ প্ৰক্ৰিয়া চলাই গৈছে সূত্ৰটোৱে প্ৰকাশ কৰে। তেওঁলোকৰ ভিতৰত মনোজ তিৱাৰী, পৰবেশ বাৰ্মা, ৰমেশ বিধুৰীৰ নাম উচ্চাৰিত হৈছে।

Leave A Reply