Breaking

অৱশেষত বিধায়ক পদ কটা গ’ল ধৰ্ষণত অভিযুক্ত বিজেপি বিধায়ক ৰামদুলাৰ গোণ্ডৰ

0 39

অৱশেষত বিধায়ক পদ কটা গ’ল ধৰ্ষণত অভিযুক্ত বিজেপি বিধায়ক ৰামদুলাৰ গোণ্ডৰ৷ ধৰ্ষণৰ অভিযোগত অভিযুক্ত বিজেপি বিধায়ক জনক বিধানসভাৰ পৰা বহিষ্কাৰ কৰা হৈছে৷ তেওঁ উত্তৰ প্ৰদেশৰ বাসিন্দা ৷ ৰাজ্যখনৰ বিজেপি বিধায়ক ৰামদুলাৰ গোণ্ড ধৰ্ষণৰ অভিযোগত অভিযুক্ত৷ আদালতে তেওঁক ধৰ্ষণৰ গোচৰত শাস্তি প্ৰদানৰ পাছত উত্তৰ প্ৰদেশ বিধানসভাৰ পৰা বহিষ্কাৰ পৰা হৈছে৷

গোণ্ডে সোনভদ্ৰা জিলাৰ দুধি বিধানসভা আসনৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
শুকুৰবাৰে গোণ্ডক ২০১৪ চনত এগৰাকী নাবালিকাক বলাৎকাৰ কৰাৰ অভিযোগত অভিযুক্ত হোৱাৰ পাছত ২৫ বছৰৰ কাৰাদণ্ড দিয়া হৈছিল।

সোনভদ্ৰাৰ এমপি-এমএলএ আদালতৰ অতিৰিক্ত জিলা আৰু অধিৱেশন ন্যায়াধীশ আহছান উল্লাহ খানে ঘোষণা কৰা ৰায়টোত গোণ্ডৰ ১০ লাখ টকাৰ জৰিমনাও আৰোপ কৰে৷

Leave A Reply