Breaking

বিজেপি বিধায়কৰ পুত্ৰ ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ

0 49

ছত্তীশগড়ৰ বিৰোধী দলপতি তথা বিজেপিৰ বিধায়ক নাৰায়ণ চাণ্ডেলৰ পুত্ৰ পলাশ চান্দেলক দুমাহতকৈ অধিক সময় পলাতক অৱস্থাত থকাৰ পিছত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় বুলি আজি আৰক্ষীয়ে প্ৰকাশ কৰে।

পলাশ চান্দেলৰ বিৰূদ্ধে জনজাতীয় সম্প্ৰদায়ৰ এগৰাকী মহিলা শিক্ষয়িত্ৰীয়ে তেওঁক বিবাহৰ প্ৰতিশ্ৰুতি দি বহু বছৰ ধৰি যৌন শোষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

বৃহস্পতিবাৰে ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ছত্তীশগড়ৰ জাঞ্জগিৰ-চম্পাৰ বিজেপি বিধায়ক নাৰায়ণ চান্দেলৰ পুত্ৰ পলাশ চান্দেলক ২৫,০০০ টকাৰ জামিন বণ্ড দাখিল কৰাৰ পিছত জামিনত মুক্তি দিয়া হয়। পলাশে আগতে উচ্চ ন্যায়ালয়ৰ পৰা আগতীয়া জামিন লাভ কৰিছিল।

Leave A Reply