Breaking

বিজেপিত জোকাৰণিঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰিলে হাৰিয়ানাৰ বিজেপি সাংসদ ব্ৰিজেন্দ্ৰ সিঙে…

0 13

হাৰিয়ানা বিজেপিত জোকাৰণি৷ ৰাজ্য খনৰ হিছাৰ সমষ্টিৰ সাংসদ ব্ৰিজেন্দ্ৰ সিঙে বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে। হিছাৰৰ সাংসদজনে ১০ মাৰ্চত এক্সত পদত্যাগৰ কথা ঘোষণা কৰিছিল। বিজেপি ত্যাগ কৰাৰ পিছতে সিঙে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছে। এক্স-ত পদত্যাগৰ কথা ঘোষণা কৰাৰ পিছতে বিজেপি নেতা বীৰেন্দ্ৰ সিঙৰ পুত্ৰ ব্ৰিজেন্দ্ৰ সিঙে নতুন দিল্লীত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত উপস্থিত হৈ কংগ্ৰেছত যোগদান কৰে। হিছাৰৰ সাংসদজনে পদত্যাগৰ কথা ঘোষণা কৰাৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁক হিছাৰৰ সাংসদ হিচাপে কাম কৰাৰ সুযোগ দিয়াৰ বাবে বিজেপিকো ধন্যবাদ জ্ঞাপন কৰিছে।

তেওঁ লিখিছে “বিশেষ ৰাজনৈতিক কাৰণত মই বিজেপিৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছো । মই দলটো, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক হিছাৰৰ সাংসদ সদস্য হিচাপে কাম কৰাৰ সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো,”। বিজেন্দ্ৰ সিঙে কংগ্ৰেছত যোগদান কৰাৰ সময়ত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অজয় মাকেন, মুকুল ৱাচনিক আৰু দীপক বাবাৰিয়াও খাৰ্গেৰ বাসগৃহত উপস্থিত আছিল।

Leave A Reply