Breaking

বঙাইগাঁৱত বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি বৈজয়ন্ত জে পাণ্ডাৰ সাংগঠনিক সভা

0 2,072

বঙাইগাঁও জিলা বিজেপিৰ আজি এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ বঙাইগাঁও চহৰৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত এই সাংগঠনিক সভাত বিজেপি দলৰ ৰাষ্ট্ৰীয় উপ সভাপতি তথা অসম ৰাজ্যিক বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত জে পাণ্ডা উপস্থিত থাকে ৷ জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাষ্ট্ৰীয় উপ সভাপতিগৰাকীয়ে সমাগত বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ তিনিওটা বিধান সভা সমষ্টিত দলটোৰ সাংগঠনিক স্থিতি সন্দৰ্ভত দলীয় বিষয়ববীয়াসকলৰ পৰা বুজ লয় ৷ লগতে নিৰ্বাচনৰ বাবে দলটোৰ প্ৰস্তুতি, কৰণীয় কাম- কাজ ,বুট কমিটি গঠন আদি সন্দৰ্ভটো দলীয় বিষয়ববীয়াসকলৰ সৈতে আলোচনা কৰি বুজ লোৱাৰ লগতে বিভিন্ন পৰমৰ্শ আগবঢ়ায় ৷

ইপিনে সমাগত বিধান সভা নিৰ্বাচনত জিলাখনৰ অন্তৰ্গত বঙাইগাঁও , উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিত দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ বিজেপি দলৰ কৰ্মকৰ্তাসকলে ৰাষ্ট্ৰীয় উপ সভাপতিগৰাকীক দাবী জনায় ৷ জিলাখনৰ অন্তৰ্গত নটা মণ্ডল সমিতিয়েই এই দাবী উত্থাপন কৰে ৷ মণ্ডল সমিতিকেইখনে যদিহে জিলাখনৰ তিনিওটা বিধান সভা সমষ্টিতে দলে দলীয় প্ৰাৰ্থী প্ৰক্ষেপ নকৰে, তেতিয়াহলে উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টি দুটাত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ দাবী জনায় ৷ দলীয় কৰ্মকৰ্তাসকলৰ মতে জিলাখনত দলৰ সাংগঠনিক স্থিতি যথেষ্ট ভাল আৰু প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে বিজয়ী হোৱাটো নিশ্চিত ৷ ৰাষ্ট্ৰীয় উপ সভাপতিগৰাকীয়ে দলীয় কৰ্মকৰ্তাসকলৰ দাবী সন্দৰ্ভত আলোচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷ ইপিনে সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত ৰাষ্ট্ৰীয় উপ সভাপতি তথা ৰাজ্যিক বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত জে পাণ্ডাই কয় যে গোটেই অসমতে বিজেপিৰ স্থিতি বহুত ভাল ৷

ইতিমধ্যে প্ৰকাশিত কেইাটাও নিৰ্বাচনী সমিক্ষাইও তাকেই কৈছে ৷ মই বৰ্তমানলৈকে ৰাজ্যখনৰ চাৰিখন জিলা আৰু ২৪ টা বিধান সভা সমষ্টি ঘূৰি দলৰ সাংগঠনিক স্থিতিৰ বুজ লৈছো ৷ তেওঁ কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ নাম উচ্চাৰণ নকৰাকৈ দল দুটাক কটাক্ষ কৰি কয় যে কিছু দিন পূৰ্বে অনুষ্ঠিত হৈ যোৱা বিটিচি নিৰ্বাচনত দুটা দলৰ মাজত মিত্ৰতা থকা স্বত্বেও কি দশা হ’ল সকলোৱে দেখিছে ৷ গতিকে মিত্ৰতাকলৈ আমাৰ চিন্তা কৰিবলগীয়া একো নাই ৷ অৰ্থাৎ কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা তথা যি মহাজোঁট গঠন হৈ আছে তাকলৈ বিজেপি চিন্তিত নহয় বুলি বিজেপি নেতাগৰাকীয়ে কয় ৷ তেওঁ লগতে অসমৰ ৰাইজে ইতিমধ্যে সেই ৰাজনৈতিক দলৰ উদ্দেশ্য বুজি উঠিছে  বুলি মন্তব্য কৰি কয় যে তেওঁলোকে কেনে ধৰণৰ ৰাজনীতি কৰি আছে সেয়া অসমৰ মানুহে জানে ৷ লগতে তেওঁলোকে পৰিৱেশটোক যি ধৰণৰ সাম্প্ৰদায়িক কৰি আছে সেয়া উচিত নহয় ৷ সেয়ে বিজেপিৰ স্থিতি বহুত ভাল আৰু বিজেপিয়ে ১০০+ ফলাফল লাভ কৰিব ৷ আনহাতে বঙাইগাঁও সমষ্টিটো দীৰ্ঘদিন ধৰি অগপ দলৰ তথা বৰ্তমান বিজেপি দলৰ সৈতে মিত্ৰতাত থকা দলটোৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ দখলত আছে যদিও এইবাৰ সমষ্টিটোত বিজেপি দলে প্ৰাৰ্থীত্ব আগবঢ়াব নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰাত ৰাষ্ট্ৰীয় উপ সভাপতিগৰাকীয়ে কয় যে এই বিষয়ত এতিয়াই কোনো কথা ক’ব পৰা নাযাব ৷ কিন্তু মই আহিছো দলৰ বিষয়ববীয়াসকলৰ সৈতে কথা পতাৰ লগতে তেওঁলোকৰ মতামত গ্ৰহণ কৰিবলৈ ৷ সেয়ে বিষয়টো আলোচনা কৰা হ’ব ৷ কাৰণ বিজেপি দল হ’ল এটা গণতান্ত্ৰিক দল ৷ এই দলটোৱেই কেৱল এটা দল যিটো দলত আজিৰ এজন সাধাৰণ কাৰ্যকৰ্তাই কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী হ’ব পাৰে ৷ গতিকে দলীয় কৰ্মকৰ্তাসকলৰ মতামত গ্ৰহণ কৰিছো ৷ বিষয়টো আলোচনা কৰিম আৰু তাৰ পিচত চূড়ান্ত নিৰ্ণয় ল’ম ৷ সেইদৰে বিপিএফৰ সৈতে থকা মিত্ৰতা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত ৰাষ্ট্ৰীয় উপ সভাপতি বৈজয়ন্ত জে পাণ্ডাই মিত্ৰতা সন্দৰ্ভত কোনো মন্তব্য নিদিও বুলি কয় ৷ কাৰণ বিজেপি এনে এটা দল যিটো দলে সকলোৰে সৈতে ,সকলোৰে বিকাশ আৰু সকলোৰে বিশ্বাসকলৈ কাম কৰে ৷ সেয়ে মিত্ৰতা সন্দৰ্ভত দলৰ দৃষ্টি আৰু ইতিহাস কি আছে সকলোৱে জানে বুলিও কয় ৷ সাংগঠনিক সভাত ৰাজ্যিক বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায় , বঙাইগাঁও জিলা বিজেপিৰ প্ৰভাৰী তথা নলবাৰী জিলা বিজেপিৰ প্ৰাক্তন সভাপতি বনদ্বীপ ডেকা , ৰাজ্যিক কাৰ্যনিৰ্বাহক সুকেন ৰায় , অনিল দাস, বঙাইগাঁও সমষ্টিৰ প্ৰভাৰী উজ্বল কান্তি ৰায়ৰ লগতে জিলা বিজেপি, বিভিন্ন মণ্ডলৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷  জিলা বিজেপিৰ উপ সভাপতি কৌস্তৱ দাসে আঁত ধৰা সভাত জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীয়ে আগৰণি ভাষণ আগবঢ়ায় ৷ ইপিনে সভাৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় উপ সভাপতিগৰাকীক চাপাগুৰীৰ পৰা সভাস্থলীলৈ যুৱ মৰ্চাৰ সদস্যসকলে মটৰ চাইকেল সমদল কৰি আদৰি আনে ৷ 

Leave A Reply