Breaking

শিৱসাগৰত বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতিৰ সাক্ষাৎ ইমৰাণ শ্বাহক। মোদীৰ প্ৰশংসাত পঞ্চমুখ, ৰাহুল গান্ধীক সমালোচনা…

0 63

২০২৪ ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে বিজেপিৰ। বৃদ্ধি কৰিছে মহা জন জনসম্পৰ্ক অভিযান। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে দেশত ৯ বছৰ শাসন সম্পূৰ্ণ কৰাকলৈ এমহীয়া উদযাপন কাৰ্যসূচী হাতত লৈ প্ৰতি ৰাজ্যত এহেজাৰ গৰাকী বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰাৰ অভিযান চলাইছে। সেই সূত্ৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহৰ ঘৰত উপস্থিত হয় কুট্টী। শুক্ৰবাৰৰ সন্ধিয়া বিশিষ্ট সাহিত্যিক গৰাকীৰ ধাই আলিস্থিত বাসগৃহত উপস্থিত হৈ মত বিনিময় কৰে বিজেপিৰ ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে।এ পি আব্দুল্লা কুট্টীক সংগ দিয়ে সাংসদ তপন কুমাৰ গগৈ, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, শিৱসাগৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁইসহ কেইবাগৰাকী বিষয়ববীয়াই।

ইমৰান শ্বাহৰ বাসগৃহৰ পৰা ওলায়েই সংবাদ মাধ্যমৰ সন্মুখত ৰাষ্ট্ৰীয় উপ সভাপতি গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই দিয়াৰ লগতে কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে। নৰেন্দ্ৰ মোদীয়ে উন্নয়ন আৰু পৰিৱৰ্তনৰ ৰাজনীতি কৰা বুলি উল্লেখ কৰি কুট্টীয়ে কয় যে ভাৰতৰ গাঁৱত বিদ্যুৎ সংযোগ এতিয়াও নাই বুলি সমালোচনা কৰাৰ অধিকাৰ ৰাহুল গান্ধীৰ নাই। কিয়নো ভাৰতত ৬০ বছৰৰ অধিক কাল শাসন কৰা কংগ্ৰেছ দলৰ নেতা ৰাহুলে এই কথা তেওঁৰ বাপেক,আইতাক,আজো ককাক আদিক সুধা উচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ভাৰতৰ আৰম্ভণি কৰি বিগত দিনত ভাৰতত নোহোৱা উন্নতি সাধন কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ মন্তব্য কৰে।

Leave A Reply