Breaking

নলবাৰীৰ সোণপুৰত হবলগীয়া বিজেপিৰ স্থায়ী কাৰ্যালয়ৰ স্থান পৰিদৰ্শন বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ

0 2,230

বৃহস্পতিবাৰে নলবাৰী চহৰৰ মাজ-মজিয়াস্থিত সোনপুৰত নলবাৰী জিলা বিজেপিৰ স্থায়ী কাৰ্য্যালয় নিৰ্মান হ’বলগীয়া স্থান পৰিদৰ্শন কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই । বিধায়ক গৰাকীৰ এই পৰিদৰ্শন কালত উপস্থিত থাকে নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত চয়নিকা ঠাকুৰীয়া,নলবাৰী পৌৰসভাৰ বিষয়াববীয়া সহ নলবাৰী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকল ।তদুপৰি সোনপুৰ অঞ্চলৰ নলা ব্যৱস্থা আৰু বাট-পথৰ সমস্যা সন্দৰ্ভত বুজ লৈ নলা আৰু বাট-পথৰ সমস্যা সমাধানৰ বাবে অতি সোনকালে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অতিৰিক্ত উপায়ুক্ত চয়নিকা ঠাকুৰীয়া আৰু নলবাৰী পৌৰসভাৰ বিষয়াববীয়া সকলক নিৰ্দেশ প্ৰদান কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই । আজিৰ এই পৰিদৰ্শন কালত ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলাৰ সভাপতি ডা: মৃগাংক তালুকদাৰ,সম্পাদক নন্দলাল সৰকাৰ সহ ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়া আৰু সদস্য সকল উপস্থিত থাকে  ।

Leave A Reply