Breaking

লোকসভা নিৰ্বাচনৰ দ্বিতীয়খন প্ৰাৰ্থী-তালিকা প্ৰকাশ বিজেপিৰ, দ্বিতীয় তালিকাত কাৰ কাৰ নাম…

0 20

৭২ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰি বিজেপিয়ে প্ৰকাশ কৰিলে লোকসভা নিৰ্বাচন ২০২৪ৰ দ্বিতীয়খন প্ৰাৰ্থী-তালিকা। এই তালিকাত কেইবাগৰাকীও জ্যেষ্ঠ নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। তেওঁলোকৰ ভিতৰত নীতিন গাডকাৰী, এম এল খট্টৰ, পীয়ুষ গোৱেল আদিৰ দৰে নেতাসকলো আছে। উল্লেখ্য বিজেপিয়ে ২ মাৰ্চত দলটোৰ ১৯৫ জনীয়া প্ৰথমখন প্ৰাৰ্থী-তালিকা প্ৰকাশ কৰিছিল। ১১ মাৰ্চত দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকৰ পাছত বুধবাৰে বিজেপিয়ে দ্বিতীয়খন প্ৰাৰ্থী-তালিকা প্ৰকাশ কৰে। এই তালিকাত মুঠ ৭২ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰা হৈছে। তালিকাত স্থান লাভ কৰা ইয়াৰে প্ৰভাৱশালী নেতাসকলৰ ভিতৰত নীতিন গাডকাৰী, পীযূষ গোৱেল, অনুৰাগ ঠাকুৰ, মনোহৰ লাল খট্টৰৰ আদি নেতাসকল আছে।

বিজেপিয়ে মুঠ ১০খন ৰাজ্যৰ প্ৰাৰ্থী-তালিকা ঘোষণা কৰিছে। ইয়াৰ ভিতৰত কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ ২০খন আসন,গুজৰাটৰ ৭খন আসন,হাৰিয়ানা আৰু তেলেংগানাৰ ছখন আসন,মধ্য প্ৰদেশত ৫খন আসন ,দিল্লী, উত্তৰাখণ্ড আৰু হিমাচলত ২খন আসন ,ত্ৰিপুৰা, দাদৰ আৰু নগৰ হাভেলী, দমন আৰু দিউত এখনকৈ আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। উল্লেখ্য এইবেলি গেৰুৱা দলটোৱে দলীয় ভাবে ৩৭০ খন আসন লাভ কৰাৰ লক্ষ্য আগত ৰাখিছে। একেদৰে বিজেপি মিত্ৰজোঁট এনডিএই ৪০০ খন আসনৰ লক্ষ্য বান্ধি লৈছে। সেইমৰ্মে বিজেপিয়ে সমগ্ৰ দেশতে প্ৰচাৰ আৰম্ভ কৰি দিছে। বিভিন্ন সমীক্ষাতো প্ৰধানমন্ত্ৰী মোদী পুনৰ তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব বুলি কোৱা পৰিলক্ষিত হৈছে।

Leave A Reply