Breaking

ঢেকীয়াজুলিত দলীয় প্ৰাৰ্থীত্বক লৈ দুটা ভাগত বিভক্ত বিজেপি শিৱিৰ

0 2,028

আগন্তুক বিধান সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ঢেকীয়াজুলি সমষ্টিত শাসকীয় বিজেপি দলৰ ব্যাপক তৎপৰতা চলি থকাৰ মাজতে দলীয় প্ৰাৰ্থীত্বক লৈ দুটা শিৱিৰত বিভক্ত হোৱা দেখা গৈছে৷সমষ্টিটোৰ একাংশ দলীয় কৰ্মীয়ে সমাগত নিৰ্বাচনত বৰ্তমানৰ বিধায়ক অশোক সিংহলক দলীয় প্ৰাৰ্থী হিচাপে বিচৰা নাই৷ইয়াৰ বিপৰীতে স্থানীয় লোক তথা বি জে পিৰ জেষ্ঠ নেতা তৰুণ চাহুক প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে দাবী জনাইছে৷সমষ্টিটোৰ একাংশ বিজেপি কৰ্মী বিধায়ক অশোক সিংহলৰ কেতবোৰ কাম-কাজত অসন্তুষ্ট হৈ পৰিছে৷এই সকল ক্ষুব্ধ-অসন্তুষ্ট দলীয় কৰ্মী সকলক লৈ তৰুণ চাহুৱে দলীয় প্ৰাৰ্থীত্বৰ দাবীৰ প্ৰতি সমৰ্থন আদায়ৰ আদায়ৰ বাবে সঘনাই সভা -সমিতি অনুষ্ঠিত কৰি আহিছে৷সমৰ্থক সকলক লগত লৈ তেওঁ সমষ্টিটোৰ বিভিন্ন অঞ্চলত সভা-সমিতি অনুষ্ঠিত কৰি ৰাইজৰ পৰা সমৰ্থন বিচাৰিছে৷কালি প্ৰাৰ্থীত্বৰ দাবীদাৰ তৰুণ চাহুৰ সমৰ্থনত ঢেকীয়াজুলি চহৰত কেইবাশ দলীয় কৰ্মীয়ে মটৰচাইকেল সমদল বাহিৰ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে৷সমষ্টিটোৰ বিধায়ক অশোক সিংহলেও পুনৰবাৰ প্ৰাৰ্থীত্ব লাভৰ বাবে ব্যাপক তৎপৰতা চলাই আছে৷ তেওঁ সমষ্টিটোত শক্তিশালী জনভিক্তি গঢ়ি তুলিছে যদিও ইয়াৰ মাজতে বিজেপিৰ চাহ মৰ্চাৰ উপ-সভাপতি তৰুণ চাহুৱে প্ৰাৰ্থীত্বৰ শক্তিশালী দাবীদাৰ হিচাপে থিয় দিয়াক লৈ সমষ্টিটোৰ বিজেপি শিৱিৰত ব্যাপক চৰ্চা চলিছে৷

Leave A Reply