Breaking

বিজেপিয়ে এশ আসন পাব নে পেট্ৰলৰ দাম এশ কৰিব, বুজা নাইঃ লুৰীণজ্যোতি গগৈ

0 2,043

“যি মানুহে জাতিক ভালপায়, যি মানুহে জাতিক বিক্ৰী কৰিব নোৱাৰে তেওঁলোকে বিজেপি, অগপ দলৰ দৰে ৰাজনীতি কেতিয়াও কৰিব নোৱাৰে ৷ অগপ সভাপতিজনে মাতৃৰ আহ্বান শুনি কা বিৰোধিতাৰে মন্ত্ৰীত্ব ত্যাগ কৰি পুনৰ মন্ত্ৰীত্ব গ্ৰহণ কৰাৰ সময়ত মাতৃয়ে কৰা আহ্বান উঠাই লৈছিল নেকি ? এনে দুমুখীয়া নীতিৰে পুনৰ মন্ত্ৰীত্ব গ্ৰহণ কৰা নেতাৰ জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ কথা কোৱাৰ কোনো অধিকাৰ নাই ৷ কা-বিৰোধী আন্দোলনত অংশ গ্ৰহণ কৰা জনতাক আভুৱা ভাৰিবলৈহে তিনি মন্ত্ৰীয়ে এখন নাটকহে কৰিছিল ৷ আমাৰ বাবে মন্ত্ৰীত্ব প্ৰথম কথা নহয়, আমাৰ বাবে জাতিৰ সুৰক্ষা নিশ্চিত কৰাতোহে প্ৰথম কথা ৷ বিজেপিয়ে এশ আসন পাব নে পেট্ৰলৰ দাম এশ কৰিব, সেইয়া মই বুজিব পৰা নাই বুলি মিত্ৰজোঁটৰ চৰকাৰখনক কটাক্ষ কৰে ৷ বোকাখাত সমষ্টিত এইবাৰ জাতীয় পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব অগপৰ সভাপতি, স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা ৷” বোকাখাতত অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাৱেশ সভাত অংশ লৈ এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ বোকাখাত কেন্দ্ৰীয় বিহুতলীত আজি অনুস্থিত জাতীয় জাগৰণ সমাৱেশ সভালৈ মানুহ অনাৰ বাবে আয়োজক বোকাখাত সমষ্টি পৰিষদে গাড়ীৰ ব্যৱস্থা কৰিছিল যদিও, জাতীয় পৰিষদে ভাড়া কৰা গাড়ীক বাধা প্ৰদান কৰাৰৰ উপৰিও মানুহ অনাৰ ক্ষেত্ৰতো মন্ত্ৰী অতুল বৰাই পৰোক্ষভাৱে বাধা দিয়াৰ অভিযোগ আনে লুৰীণজ্যোতি গগৈয়ে ৷ আঞ্চলিকতাবাদী শক্তিৰে অসম জাতীয় পৰিষদে এইবাৰ অসমত চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈ, এই তিনি গগৈৰ সন্মিলিত শক্তিয়ে অসমত এখন বিজেপি বিৰোধী চৰকাৰ গঠনৰ বাবে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে জনোৱা আহ্বান পোনচাটেই নাকচ কৰে লুৰীণজ্যোতি গগৈয়ে ৷ আজি বোকাখাতত কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে সেই আহ্বান পুনৰ জনাইছিল লুৰীণজ্যোতি গগৈক ৷ কিন্তু সেই আহ্বান প্ৰত্যাখান কৰে লুৰীণজ্যোতি গগৈয়ে ৷ সভাৰ পূৰ্বে  বোকাখাতৰ লতাবাৰীৰ পৰা এখন সুসৰ্জিত জীপছী গাড়ীত লুৰীণজ্যোতি গগৈক আদৰি অনাৰ পাছত কেন্দ্ৰীয় বিহুতলীলৈ যোৱা পথত গায়ন-বায়ন, বিহুদল, ঝুমুইৰ দল আৰু বেনপাৰ্টিৰ দলে লুৰিণজ্যোতি গগৈক সভাকক্ষলৈ আদৰি আনে ৷ সভাপতি লুৰীণজ্যোতি গগৈৰ লগতে সম্পাদকদ্বয় ৰাজু ফুকন, দীপক হাজৰিকা, যুৱ শক্তিৰ ৰাজ্যিক মুখ্য আহ্বায়ক ৰিদীপ ভূষণ নাথ, নাৰী শক্তিৰ ৰাজ্যিক সাংগঠনিক সম্পাদিকা ভাৰতী দত্তৰ লগতে কেইবাগৰাকীও ৰাজ্যিক বিষয়ববীয়া উপস্থিত থাকে ৷ সমাৱেশত বোকাখাত সমষ্টিৰ প্ৰায় পাঁচশতাধিক লোকে অংশ গ্ৰহণ কৰে ৷

Leave A Reply