Breaking

২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ১৪খন আসনৰ ভিতৰত ১২খন আসন লাভ কৰিবঃ অমিত শ্বাহ

0 56

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ দিশত বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছে। মঙলবাৰে ডিব্ৰুগড়ত গৃহমন্ত্ৰী অমিত শ্বাহে এক সভাত ভাষণ প্ৰদান কৰে।

অমিত শ্বাহে এইবাৰ অসমৰ ১৪ খন আসনৰ ভিতৰত ১২খন আসন বিজেপিয়ে দখল কৰিব বুলি মন্তব্য কৰে।

এইবাৰ ৩০০ৰো অধিক লোকসভাৰ আসনত পদুম ফুলাই নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব বুলি দাবী কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ দখল অধিক শক্তিশালী হৈ আহিছে বুলি মন্তব্য কৰে অমিত শ্বাহে। ইয়াৰ দ্বাৰা দলৰ অগ্ৰগতিও দেখা যায় বুলি কৈ অভিনন্দন জনাই এনেদৰে – “অসমৰ ৰাইজক অভিনন্দন জনাব বিচাৰিছো। আপোনালোকৰ ভোটেৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ ঘটিছে।”

ডিব্রুগড়ত বিজেপিৰ কার্যালয় উদ্বোধনী অনুষ্ঠানত এখন ৰাজহুৱা সভাত ভাষণ দি গৃহমন্ত্রী গৰাকীয়ে কয় যে বিজেপি সংগঠন ভিত্তিক দল আৰু এই কার্যালয় বিজেপিৰ সকলো কাম-কাজৰ কেন্দ্র৷

উত্তৰ-পূৰ্বাঞ্চলৰ বিধানসভাৰ কথা উল্লেখ কৰি তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। তিনিওখন ৰাজ্যতে বিজেপি চৰকাৰৰ অংশ।

উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত এন ডি এ চৰকাৰ চলি আছে আৰু ইয়াৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন হৈছে।

কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ আৰম্ভ কৰি শ্বাহে কয় যে উত্তৰ-পূবক এসময়ত কংগ্ৰেছৰ দুৰ্গ বুলি গণ্য কৰা হৈছিল যদিও ৰাহুল গান্ধীৰ যাত্ৰা (ভাৰত জোডো যাত্ৰা) সত্ত্বেও শেহতীয়াকৈ অঞ্চলটোৰ তিনিখন ৰাজ্যত বিধানসভা নিৰ্বাচনত দলটোৱে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে।

Leave A Reply