Breaking

বিজেপি যুৱ মৰ্চাৰ বক্তৃতা প্ৰতিযোগিতা; প্ৰথম স্থানত মাজুলীৰ ভাগ্যজ্যোতি…

0 74

ভাৰতীয় জনতা যুৱ মৰ্চাই ৰাজ্যিক পৰ্যায়ত আয়োজন কৰা বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰ ভাগ্যজ্যোতি দত্তই, দ্বিতীয় স্থান লাভ কৰে শদিয়াৰ হিমজ্যোতি বৰুৱাই আৰু তৃতীয় স্থান লাভ কৰে গুৱাহাটীৰ অভিষেক ৰায় চৌধুৰীয়ে।

উল্লেখযোগ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চা,অসম প্ৰদেশৰ উদ্যোগত প্ৰতিখন জিলা পৰ্যায়ত এলানি বক্তৃতা প্ৰতিযোগিতা আয়োজন কৰা হৈছিল। জিলা পৰ্যায়ত আয়োজিত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা প্ৰতিযোগী সকলৰ মাজত আজি ৰাজ্যিক স্তৰত এখন বক্তৃতা প্ৰতিযোগিতা বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মূখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়।

দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই ভাৰত মাতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। ভাৰতীয় জনতা যুৱ মৰ্চা,অসম প্ৰদেশৰ সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱাই আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানত দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই যুৱ প্ৰজন্মৰ প্ৰতিনিধি সকলক উদ্দেশ্যি প্ৰেৰণা দায়ক ভাষণ প্ৰদান কৰি উৎসাহিত কৰে।

যুৱ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ত্ৰিদিপজ্যোতি মৰাণে আঁত ধৰা প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন নিৰ্বাচিত ১৬ জন প্ৰতিযোগিয়ে অংশ লোৱা প্ৰতিযোগিতাত দলৰ মুখপাত্ৰ ৰাজীৱ কুমাৰ শৰ্মাৰ,অসম চৰকাৰৰ বেচা কিনা নিগমৰ অধ্যক্ষ মনোজ বৰুৱা আৰু মিডিয়া পেনেলিষ্ট ড০ দেৱজিৎ মহন্তই বিচাৰকৰ দায়িত্ব পালন কৰে। উল্লেখযোগ্য যে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক নয়ন জ্যোতি হাজৰিকা সমগ্ৰ কাৰ্যসূচী তদাৰকত আছিল।

Leave A Reply