Breaking

বি জে পিৰ আঙুৰলতা ডেকাক বাৰপূজীয়াত সমৰ্থকৰ বিপুল আদৰনি

0 2,045

অসমৰ আসন্ন বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী ততপৰতা তথা প্ৰাৰ্থী বাচনি প্ৰক্ৰিয়া সম্পন্ন কৰিছে । ইতিমধ্যে প্ৰাৰ্থীত্ব প্ৰয়াসীসকলৰ জল্পনা-কল্পনা ওৰ পেলাই 84 নং বটদ্ৰৱা সমষ্টিত বি জে পি কংগ্ৰেছ অসম জাতীয় পৰিষদ ৰাইজৰ দলে ইতিমধ্যে নিজা নিজা প্ৰাৰ্থীৰ নাম ঘোষণা  কৰিছে । সেই হিচাপে আগন্তুক 2021 চনৰ বিধানসভাৰ বটদ্ৰৱা সমষ্টিত কংগ্ৰেছে শিৱাণী বৰা বিজেপিয়ে পুনৰ আঙুৰলতা ডেকাক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে । দিনৰ 11 বজাত বি জে পি দলৰ টিকট নিশ্চিত কৰি প্ৰাৰ্থী আঙুৰলতা  ডেকা সমষ্টি তথা নিজা গৃহভূমি অভিমুখে অহাৰ পথত বাৰপূজীয়াত উপস্থিত হোৱাৰ লগে লগে আদৰিবলৈ ৰৈথকা বিপুল সংখ্যক সমৰ্থকৰ হৰ্মাষোল্লাসৰ মাজত আঙুৰলতা জিন্দাবাদ বি জে পি জিন্দাবাদ ধ্বনিৰে ফটকা আতচবাজীৰে এক আবতৰীয়া দেৱালী পৰিবেশৰ সূচনা কৰে । পিছত উপস্থিত সমৰ্থক -ৰাইজৰ অভিনন্দন তথা আশীষলৈ সমৰ্থকসহ  সদলবলে প্ৰাক্তন বিধায়িকা গৰাকীয়ে  নিজাগৃহভূমি লৈ যাত্রা আৰম্ভ  কৰে । বি জে পি দলৰ  বিৰুদ্ধে প্ৰতিপক্ষ দলসমূহে  কেনেদৰে যুঁজত অৱতীৰ্ন  হয় সেয়া সময়তহে  দেখা পোৱা যাব ।  

Leave A Reply