Breaking

১৯৫ গৰাকী প্ৰাৰ্থীৰ নামসহ প্ৰকাশ পালে বিজেপিৰ প্ৰথম খন প্ৰাৰ্থী তালিকা, তালিকাত মোদী, অমিত শ্বাহৰ লগতে বহু হেভিৱেট প্ৰাৰ্থীৰ নাম

0 18

লোকসভা নিৰ্বাচনলৈ মাজত আৰু বেছি দিন নাই। এনে সময়তে ৩৭০ খন আসনৰ লক্ষ্য নিৰ্ধাৰণ কৰা বিজেপিয়ে ঘোষণা কৰিলে লোকসভা নিৰ্বাচনৰ বাবে আংশিক প্ৰাৰ্থী তালিকা। বিজেপিৰ প্ৰথম তালিকা প্ৰকাশৰ পিছতে দেশৰ বিভিন্ন ৰাজ্যত এতিয়া প্ৰাৰ্থিত্ব লাভ কৰা প্ৰাৰ্থীসকলৰ মাজত আনন্দৰ লহৰ বৈ গৈছে। আজি প্ৰকাশিত বিজেপিৰ প্ৰথম খন প্ৰাৰ্থী তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ ১৯৫ জন প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা হয়। আজি প্ৰকাশিত প্ৰথম খন প্ৰাৰ্থী তালিকাত তালিকাত ৩৪ গৰাকী বৰ্তমানৰ মন্ত্ৰীও আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে গান্ধীনগৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।আগন্তুক লোকসভা নিৰ্বাচনত ৩৭০ খন আসন জিকাৰ লক্ষ্যৰে অগ্ৰসৰ হোৱা বিজেপিয়ে শনিবাৰে প্ৰকাশ কৰা প্ৰথম প্ৰাৰ্থী তালিকাত বহু কেইগৰাকী হেভৱেট প্ৰাৰ্থী আছে।লক্ষ্যণীয় কথাটো হ’ল বিজেপিয়ে নিৰ্বাচনৰ তাৰিখ প্ৰকাশৰ জাননী দিয়াৰ আগতেই ১৯৫ গৰাকী প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে। তালিকাখনত তৃতীয়বাৰৰ বাবে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম আছে।

তালিকাত প্ৰায় ৩৪ গৰাকী মন্ত্ৰী আৰু দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীও আছে। বিজেপিয়ে আজি প্ৰকাশ কৰা প্ৰথম খন প্ৰাৰ্থী তালিকাত ২৮ গৰাকী মহিলা প্ৰাৰ্থী, ৫০ বছৰৰ তলৰ ৪৭ গৰাকী প্ৰাৰ্থী আৰু অ’বিচি সম্প্ৰদায়ৰ ৫৭ গৰাকী প্ৰাৰ্থী আছে। তালিকাত ৫১ গৰাকী উত্তৰ প্ৰদেশৰ , ২০ গৰাকী পশ্চিম বংগৰ আৰু পাঁচগৰাকী দিল্লীৰ। দিল্লীত প্ৰবীণ খাণ্ডেলৱাল, মনোজ তিৱাৰী আৰু সুষমা স্বৰাজৰ কন্যা বনচুৰী স্বৰাজো প্ৰাৰ্থীসকলৰ ভিতৰত আছে। ইয়াৰ পূৰ্বে ৰাজ্যসভাৰ পৰা নিৰ্বাচিত হোৱা স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই গুজৰাটৰ পোৰবন্দৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

Leave A Reply