Breaking

সাংসদ কুইন ওজাই মুকলি কৰিলে বিজেপিৰ বিনামূলীয়া আইন সাহৰ্য্য কেন্দ্ৰ

0 33

দৈনন্দিন বাৰ্তা প্ৰতিবেদন: ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা আইন কোষে আজি বিনামূলীয়া আইন সাহৰ্য্য কেন্দ্ৰ মুকলি কৰে ৷ আজি গুৱাহাটী মহানগৰ জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ন অনুষ্ঠানত সাংসদ কুইন ওজাই আইন সাহৰ্য্য কেন্দ্ৰ মুকলি কৰে ৷ অনুষ্ঠানত গুৱাহাটী মহানগৰ জিলা সভাপতি মৃগেন শৰনীয়া, মহানগৰ জিলা আইন কোষৰ আহ্বায়ক দীপাঞ্জলী বৰা, সহ আহ্বায়ক ক্ৰমে দীপ্ত প্ৰসাদ গোশ্বামী, দেৱজিত কলিতা, জিলা সাধাৰন সম্পাদক অমৰজ্যোতি ডেকা উপস্থিত থাকে ৷ এই ক্ষেত্ৰত সাংসদ কুইন ওজাই আইন সাহৰ্য্য কেন্দ্ৰ মুকলি কৰি কয় যে, এচাম দুখীয়া পৰিয়ালে বিভিন্ন গোচৰ সন্দৰ্ভত আদলতত তাতবাটি কাটিবলগীয়া হয় ৷ আইনৰ বিষয়ে জ্ঞান নথকা লোকসকলে আদলতত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ৷ ইয়াৰ বাবেই বিজেপি গুৱাহাটী মহানগৰ জিলা আইন কোষে সাধাৰণ ৰাইজক বিনামূলীয়াকৈ আইনী সাহৰ্য্য প্ৰদান কৰিব ৷ ইয়াৰ ফলত যথেষ্ট দুখীয়া পৰিয়ালে বিভিন্ন গোচৰৰ আইনী সাহৰ্য্য লাভ কৰিব বুলি সাংসদ কুইন ওজাই কয় ৷ আনহাতে আইন কোষৰ আহ্বায়ক দীপাঞ্জলী বৰাই কয় প্ৰতি শনিবাৰে দিনৰ ১২-২বজালৈ মহানগৰ জিলা কাৰ্যালয়ত সাধাৰন জনসাধাৰনে বিনামূলীয়াকৈ আইনী সাহৰ্য্য লাভ কৰিব ৷ আইনী সাহৰ্য্য কেন্দ্ৰত বিভিন্ন গোচৰ সন্দৰ্ভত পৰমৰ্শ প্ৰদান কৰিব বুলি বৰাই উল্লেখ কৰে ৷ ইপিনে জিলা সভাপতি মৃগেন শৰনীয়াই অনুষ্ঠানত উপস্থিত থাকি কয়  আইনী সাহৰ্য্য প্ৰদান কৰাৰ উপৰিও জনসাধাৰণৰ মাজত এক সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হ’ব ৷ ইয়াৰ বাবেই জিলা আইনী কোষৰ প্ৰতিগৰাকী সদস্য তথা অধিবক্তা সকলক ধন্যবাদ জ্ঞাপন কৰে সভাপতি মৃগেন শৰনীয়াই ৷ উল্লেখ্য যে আইনী কোষৰ ৯ গৰাকী অধিবক্তা সহ প্ৰায় শতাধিক সদস্য অনুষ্ঠানত উপস্থিত থাকে ৷৷

Leave A Reply