৮ ফেব্ৰুৱাৰী, ২০২৫ঃ নতুন দিল্লীৰ নিৰ্বাচনত ঐতিহাসিক জনাদেশ লাভ কৰি ভাৰতীয় জনতা পাৰ্টিয়ে এক উল্লেখযোগ্য বিজয় অৰ্জন কৰিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিজয়ৰ বাবে দিল্লীৰ জনতাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। Delhi Election Results 2025

সোণোৱালে কৈছে, “আম আদমী পাৰ্টিৰ বহু বছৰীয়া দুৰ্নীতি, অব্যৱস্থাপনা আৰু অৰাজকতাৰ পৰা মুক্তি লাভ কৰিবলৈ দিল্লীৰ জনতাই সুশাসনৰ বাবে বিজেপিক ভোট আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু উন্নয়নৰ প্ৰতিশ্ৰুতিত জনতাই যি অগাধ বিশ্বাস দেখুৱাইছে, সেইকাৰণে এই বিজয় সম্ভৱ হৈছে।”

তেওঁ বিজেপিৰ বিজয়ী প্ৰাৰ্থীসকল আৰু নিৰ্ভীক কাৰ্যকৰ্তাসকলক অভিনন্দন জনাই এই জনাদেশক দিল্লীৰ জনতাৰ দায়িত্বশীল চৰকাৰৰ প্ৰতি থকা আশা আৰু আস্থাৰ প্ৰতিফলন বুলি অভিহিত কৰে। সোণোৱালে লগতে উল্লেখ কৰে যে বিজেপিৰ শাসন ব্যৱস্থাৰ অধীনত দিল্লী উন্নত পৰিকাঠামো, কাৰ্যক্ষম জনসেৱা আৰু দুৰ্নীতিৰহিত প্ৰশাসনৰ সৈতে আগুৱাই যাব।
“মোদীৰ উন্নয়ন মডেলৰ যোগেদি নতুন দিল্লীত এক নতুন অধ্যায়ৰ সূচনা হৈছে। দিল্লীৰ জনতাই অরাজকতা পৰিহাৰ কৰি সুশাসনৰ বাবে যে দৃঢ় সিদ্ধান্ত লৈছে, তাতেই এই বিজয়ৰ সাৰ্থকতা সন্নিৱিষ্ট।”
এই বিজয়ে দিল্লীৰ ৰাজনৈতিক পৰিৱেশত এক গুৰুত্বপূর্ণ পৰিবৰ্তনৰ সূচনা কৰাৰ লগতে বিজেপিৰ বিকাশমুখী দৃষ্টিভংগীৰ প্ৰতি জনতাৰ আস্থা পুনৰ প্ৰতিপন্ন কৰিছে।