Breaking

নগৰবেৰাত বিজেপিৰ উদ্যোগত অৱস্থান ধৰ্মঘট-প্ৰতিবাদ ৰাষ্ট্ৰপতি লৈ স্মাৰক পত্ৰ প্ৰেৰণ

0 2,037

চুবুৰীয়া ৰাজ্য পশ্চিমবংগত নিৰ্বাচনী হিংসাৰ বলি হোৱা বিজেপি কৰ্মীৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ দাবীত আজি নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত  বিজেপিৰ কৰ্মী সকলে অৱস্থান ধৰ্মঘট পালন কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে। নগৰবেৰা মণ্ডল বিজেপিৰ কাৰ্যকৰ্তা সকলে পশ্চিমবংগত বিজেপি কৰ্মীৰ ওপৰত চলা নিৰ্যাতন বন্ধ কৰক, বিজেপি জিন্দাবাদ আদি ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে। কভিড প্ৰটকলৰ বাবে মাত্ৰ ২০ গৰাকী বিজেপি কাৰ্যকৰ্তাই নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চক্ৰ বিষয়া বনশ্ৰী মালাকৰৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি লৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে। উল্লেখ্য যে এই অৱস্থান ধৰ্মঘট-প্ৰতিবাদী কাৰ্যসূচীত নগৰবেৰা মণ্ডল বিজেপিৰ সভাপতি-পবিত্ৰ কুমাৰ মেধি, সম্পাদকদ্বয়-মানিক কলিতাছাৰুকৃষ্ণ কলিতা,বিজেপি জিলা আই,টি চেলৰমাধৱ দাস,জিলা অ, বি, চি মৰ্চাৰ সম্পাদক, বিপুল পালৰ লগতে নগৰবেৰা মণ্ডল বিজেপিৰ একাংশ কৰ্মকৰ্তা উপস্থিত থাকে। 

Leave A Reply