Breaking

তামুলপুৰৰ কাউলীত বিজেপিৰ বিশাল গণ সমাবেশ ! বিটিআৰত উন্নয়নৰ জোৱাৰ আহিছে – অজন্তা নেওগ…

0 41

তামুলপুৰৰ কাউলীত বিজেপিৰ বিশাল গণ সমাবেশ —- বিটিআৰত উন্নয়নৰ জোৱাৰ আহিছে — অজন্তা নেওগ :

বিটিআৰত এতিয়া স্থায়ী শান্তি প্ৰতিষ্ঠা হৈছে । উন্নয়নৰ জোৱাৰ আহিছে বিটিআৰলৈ । অনাগত দিনত বিটিআৰক উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এখন উল্লেখনীয় অঞ্চল হিচাপে পৰিগণিত কৰাবলৈ আমি অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ । অসমৰ লগতে বিটিআৰৰ সৰ্বাংগীন বিকাশ আৰু উত্তৰণৰ বাবে কাম কৰি যাবলৈ আমি বদ্ধ পৰিকৰ — এই ভাষ্য অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ । তামুলপুৰ জিলাৰ অন্তৰ্গত নৱ গঠিত গোৰেশ্বৰ বিধান সভা সমষ্টিৰ অধীনৰ কাউলীত আজি আয়োজিত এক বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে । তামুলপুৰ জিলা বিজেপিৰ উদ্যোগত আৰু নাগ্ৰীজুলি মণ্ডল বিজেপিৰ সহযোগত অনুষ্ঠিত সভাখনত তেওঁ বিশাল জনতাক সম্বোধি পুনৰ কয় —– অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত শান্তিৰ বাতাবৰণ সৃষ্টি হৈছে ।

উগ্ৰপন্থীৰ কেডাৰসকল মূল সুঁতিলৈ ঘূৰি আহিছে । এয়া অসমৰ বাবে এক শুভ লক্ষণ । তেওঁ আকৌ কয় ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বিগত দুটা বছৰত যাতায়তৰ উন্নয়নৰ ক্ষেত্ৰত অসমত ৩৫ হাজাৰ কোটি টকা ব্যয়েৰে পথ উন্নয়নৰ কাম কৰিছে আৰু বিটিআৰত এক হাজাৰ কোটি টকা ব্যয় সাপেক্ষে পথ নিৰ্মাণৰ কাম কৰা হৈছে । অসমত মেধাৰ ভিত্তিত চৰকাৰী চাকৰিত নিবনুৱা যুৱক যুৱতীক নিযুক্তি দিয়া হৈছে । আৰু এই কামে দৰিদ্ৰ লোকসকলৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে । তামুলপুৰ জিলা হোৱাৰ পিছতেই অসমৰ বিভিন্ন জিলাৰ লগতে তামুলপুৰতো বিভিন্ন উন্নয়নমূলক কাম কাজ আৰম্ভ হৈছে । অতি কম দিনৰ ভিতৰতে তামুলপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ কাম , মিনি ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ কৰা হব । বিটিআৰত চলি থকা এজনীয়া শিক্ষকৰ সমস্যা সমাধান কৰা হব বুলিও তেওঁ মন্তব্য কৰে । মন্ত্ৰী নেওগে আকৌ কয় উন্নয়নৰ সপক্ষে ৰাইজে বিজেপিৰ সভাত দলে বলে অংশ গ্ৰহণ কৰিছে ৷ ৰাইজৰ আশীৰ্বাদত নৰেন্দ্ৰ মোদী তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হব , এইটো নিশ্চিত ৷ বিটিআৰত মিত্ৰজোটৰ প্ৰাৰ্থী ৰাইজৰ আশীৰ্বাদত বিপুল ভোটত জয়ী হব ৷ আমাৰ চৰকাৰ তথা বিজেপি দলৰ লক্ষ্য ৰাইজৰ উন্নয়ন কৰা ৷ বিজেপি দলৰ লক্ষ্য উন্নয়নেৰে ৰাইজৰ মন জয় কৰা ৷ সভাত অংশগ্ৰহণ কৰি সাংসদ দিলীপ শইকীয়াই কয় — আমি বিশ্বৰ ভিতৰতে ভাৰতবর্ষক আগুৱাই নিব পাৰিছোঁ । অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমখনক ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে ।

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শদিয়াৰ পৰা ধুবুৰীলৈ বিটিচিৰ পৰা ডিমা হাছাওলৈ উন্নয়নৰ নতুন জোৱাৰ আনিবলৈ সক্ষম হৈছে । সাংসদ শইকীয়াই পুনৰ কয় ২০২০ চনৰ পূৰ্বে বিটিচিৰ কৰবাত বোমা বিস্ফোৰণ , কৰবাত গুলি বাৰুদৰ শব্দ শুনিবলৈ পোৱা গৈছিল । তাৰ বাবে ৰাইজৰ মাজত ভয় শংকাই বিৰাজ কৰিছিল। কিন্তু আজি বিটিচিত প্ৰমোদ বড়োৰ নেতৃত্বত শান্তি প্ৰতিষ্ঠা হৈছে , এক নতুন পৰিবেশৰ সৃষ্টি হৈছে আৰু সমান্তৰালভাৱে উন্নয়নৰ গতি ক্ষীপ্ৰতৰ হৈছে । এয়াই পৰিবৰ্তন । সভাত অংশগ্ৰহণ কৰি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে কয় বিগত সোঁতৰ বছৰে বিটিচিৰ ৰাইজে ভয় আৰু শংকাত দিন অতিবাহিত কৰিব লগা হৈছিল । বিগত সোঁতৰ বছৰে প্রতিটো দিনতে ধন দাবীৰ দৰে অবাঞ্চিত ঘটনা সংঘটিত হৈছিল । কিন্তু বিটিচিত বিজেপি ইউপিপিএল মিত্ৰ জোটৰ চৰকাৰ গঠন হোৱাৰ পিছত প্ৰমোদ বড়োৰ নেতৃত্বত শান্তি প্ৰতিষ্ঠা হৈছে । বিটিআৰত হৈছে ক্ষীপ্ৰ উন্নয়ন । সভাত লখিমপুৰৰ বিধায়ক মানৱ ডেকাই কয় আজি আমি লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছোঁ । নৱ গঠিত দৰং ওদালগুৰি লোকসভা সমষ্টিত দিলীপ শইকীয়াক ভোট দিবলৈ তেওঁ এবাৰ নহয় তিনিবাৰকৈ ৰাইজক আহ্বান জনায় । নাগ্ৰীজুলি মণ্ডল বিজেপিৰ সভাপতি ৰাম বাস্তলাই আঁত ধৰা সভাখনত আদৰণি ভাষণ ৰাখে তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাসে । দহ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত বিটিআৰৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্ম নাৰায়ণ দাস , ৰনেন্দ্ৰ নাৰ্জাৰী , এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰী , হেমন্ত কুমাৰ ৰাভা , তামুলপুৰৰ প্ৰভাৰী সীমান্ত শেখৰ , হিমাংশু বৈশ্য , ঋষি ৰাজ হাজৰিকা , বিজেপি নেতা ৰাজেশ বড়ো , ভজন দাস , কৰণ ছেত্ৰী আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আজিৰ সভাত ডেৰ শতাধিক বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে । ইপিনে অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী হিয়া মেধিয়ে গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে ।

Leave A Reply