Breaking

নগাঁৱত বিজেপিৰ ছুনামিত বিধস্ত কংগ্ৰেছ : দুই সহস্ৰাধিক কংগ্ৰেছীৰ বিজেপিত যোগদান

0 2,030

নগাঁৱৰ কংগ্ৰেছ শিবিৰত মোক্ষম আঘাট হানি বৃহৎ সংখ্যক নেতা- কৰ্মীয়ে বিজেপি দলত যোগদান কৰে। নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত প্ৰায় ২ সহস্ৰাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰি নগাঁও সদৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। উল্লেখ্য যে প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাতৰ বাবে কংগ্ৰেছত এই খহনীয়াৰ সৃষ্টি হৈছে। নগাঁও সদৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ শক্তিশালী দাবীদাৰ আছিল নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ডা° দুৰ্লভ চমুৱা। শেষ মূহুৰ্তত কংগ্ৰেছ দলে ডা° চমুৱাক প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰি শান্তনু শৰ্মাক প্ৰাৰ্থীত্ব প্ৰদান কৰে। ডা° দুৰ্লভ চমুৱাক প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰাৰ অন্তৰালত নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ষড়যন্ত্ৰ আছে বুলি নগাঁৱৰ অধিকাংশ কংগ্ৰেছ নেতা কৰ্মীয়ে অভিযোগ উত্থাপন কৰিছে। ইয়াৰ পিছতেই নগাঁও সদৰ সমষ্টিত কংগ্ৰেছত খহণীয়া আৰম্ভ হয়। ইয়াৰ অংশ হিচাপে আজি নগাঁও সদৰ সমষ্টিৰ বৃহৎ সংখ্যক কংগ্ৰেছ নেতা – কৰ্মীয়ে নগাঁৱৰ নেহৰুৱালিত অনুষ্ঠিত এক যোগদান সভাত বিজেপি দলত যোগদান কৰে। নগাঁও জিলা বিজেপি উপ সভাপতি সুভাষ দত্তৰ সভাপতিত্বত অনুষ্ঠিত এই যোগদান সভাত অংশগ্ৰহন কৰি‌ নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই যোগদান কৰা কংগ্ৰেছ নেতা কৰ্মী সকলক আদৰণি জনাই কয় : নগাঁও সদৰ সমষ্টি এতিয়া বিজেপিময় হৈ পৰিছে। এইবাৰ নিৰ্বাচনত নগাঁও সদৰ সমষ্টিত বিজেপিৰ কোনো প্ৰতিদ্বন্দি নাই। কংগ্ৰেছৰ নেতা কৰ্মী সকলে বিজেপিত যোগদান কৰি বিজেপি দলক অধিক শক্তিশালী কৰি তুলিছে। এইবাৰ নগাঁও সদৰ সমষ্টিত বিজেপি প্ৰাৰ্থী গৰাকীয়ে অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিব। নগাঁও সদৰ সমষ্টিৰ ৰাইজে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰাৰ পিছৰে পৰা সমষ্টিটোৰ উন্নয়নৰ বাবে এদিনো বিৰতি নোলোৱাকৈ কাম কৰিছো। নগাঁও সদৰ সমষ্টিত হোৱা উন্নয়ন ৰাইজে প্ৰত্যক্ষ কৰিছে। মই কেনেকুৱা সেয়াও ৰাইজে প্ৰত্যক্ষ কৰিছে। মই নিশ্চিতভাৱে ৰাইজৰ পৰীক্ষাত উত্তীৰ্ণ হ’ম। নগাঁও সদৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাক আওপকীয়াকৈ সমালোচনা কৰি ৰূপক শৰ্মাই কয়- মই পিতৃ পৰিচয়ৰে ৰাজনীতিলৈ অহা নাই। এই পৰিচয়ৰে মই নিৰ্বাচনো খেলা নাই। বিগত প্ৰায় কুৰি বছৰ ধৰি নগাঁৱৰ সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া জগতৰ লগত জড়িত হৈ ৰাইজৰ হকে কাম কৰিছিলো। সেই পৰিচয়ৰে মই ৰাজনীতিলৈ আহিছো। ৰাইজে মোক আদৰি লৈছে। উল্লেখ্য যে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মা প্ৰাক্তন মন্ত্ৰী প্ৰয়াত মুকুট শৰ্মাৰ পুত্ৰ আৰু শান্তনু শৰ্মা আৰু ৰূপক শৰ্মা সম্বন্ধত ভাই- ককাই। অনুষ্ঠানত অংশগ্ৰহণ কৰি‌ ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী তথা নগাঁও জিলাৰ বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী ৰবি কুমাৰ আগৰৱালাই কংগ্ৰেছ এ আই ইউ ডি এফ ক কঠোৰ সমালোচনা কৰি কয়-এই দুয়োটা দলে অসমৰ সভ্যতা সংস্কৃতিক বাধা দিবলৈ বিচাৰিছে। এই দুয়োটা দলৰ অশুভ মিত্ৰতাই অসমৰ সভ্যতা সংস্কৃতি ধ্বংস কৰিব। সেয়ে এই দুয়োটা দলৰ অপশাসনৰ পৰা অসমক মুক্ত কৰিব লাগিব। এই দুয়োটা দলক বিষাক্ত বুলি মন্তব্য কৰি বিজেপি নেতা গৰাকীয়ে কয়- এইবাৰৰ নিৰ্বাচনত এই দুয়োটা দলক অসমৰ পৰা বিদায় দিব লাগিব। তেওঁ লগতে কয় আজি নগাঁও সদৰ সমষ্টিত কংগ্ৰেছৰ ভেটি উছন হৈছে। কংগ্ৰেছৰ নেতা কৰ্মী সকলে বিজেপিত যোগদান কৰি সমষ্টিটোত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ জয় নিশ্চিত কৰাত এক শক্তিশালী গতি দিলে। আজি বিজেপিত যোগদান কৰা এই নতুন বিজেপি নেতা কৰ্মী সকলে সমানে গুৰুত্ব পাব বুলি মন্তব্য কৰি তেওঁ ভাষণ প্ৰসংগত কয়- এইবাৰ নগাঁও সদৰ সমষ্টিত অসমৰ ভিতৰতে ৰেকৰ্ড সংখ্যক ভোটত  বিজেপি প্ৰাৰ্থী জয়ী হ’ব। আজিৰ এই অনুষ্ঠানত বিজেপিৰ ৰাজ‌্যিক সম্পাদক কিশোৰ উপাধ্যায়, নগাঁও  জিলাৰ বিজেপিৰ সভাপতি অভিজিত নাথ, জ্যেষ্ঠ বিজেপি নেতা মহেন্দ্ৰ কোঁৱৰ, ৄনগাঁও সদৰ, হয়বৰগাঁও আৰু পাখিম’ৰীয়া  বিজেপি মণ্ডলৰ সভাপতিসকল  ক্ৰমে বিজয় গুপ্তা, দিপাংকৰ ৰয়, নৰেন দাস, আন বিষয় ববীয়া পংকজ বৰা, জুলি দাস, ময়ূৰী মহন্ত আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানতেই নগাঁও পৌৰ ব্লক কংগ্ৰেছৰ সভাপতি পৰাণ মহন্ত, সম্পাদক সপোন মহন্ত আৰু পাখিম’ৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি ৰবিন দাসৰ নেতৃত্বত দুই সহস্ৰাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰে। বিজেপিত যোগদান কৰা এই নেতা কৰ্মী সকলে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজৰা দেখা যায়। ইপিনে  নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত হুজ ৰঙাগড়া গাঁও পঞ্চায়তত আজি বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত হুজ ৰঙাগড়া গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ সভানেত্ৰী ফাতেমা বেগম আৰু কেইবাগৰাকীও ৱাৰ্ড সদস্যৰ লগতে দুই শতাধিক কংগ্ৰেছ দলৰ সদস্যই বিজেপি দলত যোগদান কৰে ।

Leave A Reply