হোজাইত যুৱ মৰ্চাৰ সামাজিক মাধ্যম বিভাগৰ উদ্যোগত মত বিনিময় অনুষ্ঠান

২০২১ৰ নিৰ্বাচন সমাগত । বিভিন্ন দল সমূহে প্ৰচাৰৰ ক্ষেত্ৰত সামাজিক মাধ্যম সমূহত বিশেষ গুৰুত্ব দিয়া দেখা গৈছে । সেই ক্ষেত্ৰত পিছ পৰি থকা নাই ভাৰতীয় জনতা পাৰ্টি ।

২১ ফেব্ৰুৱাৰী তাৰিখে ভাৰতীয় জনতা যুৱ মৰ্চা,হোজাই জিলা সমিতিৰ সামাজিক মাধ্যম বিভাগৰ উদ্যোগত হোজাইৰ মণিপুৰী সাহিত্য সভা ভৱনত এক মত বিনিময়ত অনুষ্ঠান অনুষ্ঠিত হয় ৷

হোজাই জিলা যুৱ মৰ্চাৰ সামাজিক মাধ্যমৰ মত বিনিময় অনুষ্ঠানটিত সভাপতিত্ব কৰে হোজাই জিলা যুৱ মৰ্চাৰ সভাপতি বিনয় কলিতাই ৷ উক্ত মত বিনিময় অনুষ্ঠানটিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ মুখপাত্ৰ সুৰঞ্জন দত্ত আৰু ৰামকৃষ্ণ ঘোষ, ৰাজ্যিক যুৱ মৰ্চাৰ প্ৰদ্যুম্ন দত্ত, জগদীশ ডেকা, হোজাইৰ বিধায়ক শিলাদিত্য দেৱ, বিজেপি হোজাই জিলাৰ সভাপতি অনুপ দেৱ, হোজাই জিলাৰ চৰকাৰী অধিবক্তা অমৰজ্যোতি শইকীয়া উপস্থিত থাকি জিলাখনৰ অন্তৰ্গত এঘাৰটা মণ্ডলৰ সামাজিক মাধ্যমৰ আহ্বায়ক, সহ-আহ্বায়ক ও কায্যকৰ্তা সকলৰ মত বিনিময় কৰা লগতে যুৱ মৰ্চাৰ সামাজিক মাধ্যমৰ কায্যকৰ্তাৰ কৰণীয় দ্বায়িত্ব আৰু কৰ্তব্যসমূহৰ বিষয়ে বিস্তাৰিত ভাৱে বক্তব্য আগবঢ়াই ৷

Related Articles