Breaking

প্ৰাক্তন প্ৰেমিকক ঘূৰাই পাবলৈ ‘ব্লেক মেজিক’! প্ৰেমৰ নামত যুৱতীয়ে হেৰুৱালে ৮ লাখ টকা…

0 19

প্ৰেমিকৰ লগত ব্ৰেকআপ হোৱা বহুদিন হ’ল। অৱশ্যে যুৱতীগৰাকীয়ে অন্তৰৰ পৰা একো মানি ল’ব নোৱাৰিলে। যিয়েই নহওক, আকৌ পুৰণি সম্পৰ্কলৈ ঘূৰি যাব বিচাৰে। উপায় বিচাৰি নাপাই অৱশেষত তেওঁ ‘ব্লেক মেজিক’ৰ জৰিয়তে নিজৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে পুনৰ যোগাযোগ স্থাপনৰ চেষ্টা আৰম্ভ কৰিলে। জ্যোতিষীৰ জালত পৰি যুৱতীগৰাকীয়ে হেৰুৱালে ৮ লাখ ২০ হাজাৰ টকা। বাংগালুৰুৰ জালাহল্লী অঞ্চলত সংঘটিত হৈছে এই ঘটনা। ২৫ বছৰীয়া মহিলাগৰাকীয়ে স্থানীয় আৰক্ষী থানাত জ্যোতিষী আৰু তেওঁৰ দুই সহযোগীৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ অভিযোগ দাখিল কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ২০২৩ চনৰ ৯ ডিচেম্বৰত ইণ্টাৰনেটৰ জৰিয়তে আব্দুলক লগ পাইছিল যুৱতীগৰাকীয়ে। আব্দুলে যুৱতীগৰাকীক কয় যে তেওঁ নিয়মিতভাৱে জ্যোতিষ চৰ্চা কৰে। যুৱতীগৰাকীয়ে আব্দুলৰ সৈতে আলোচনা কৰিছিল যে কেনেকৈ তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে পুৰণি সম্পৰ্ক পুনৰ জগাই তুলিব পাৰি।

আব্দুলে ছোৱালীজনীক বিশেষ অনুষ্ঠান কৰিবলৈ কয় যাতে প্ৰাক্তন প্ৰেমিকৰ পৰিয়ালে তেওঁলোকৰ সম্পৰ্কত আপত্তি নকৰে। সেই কাৰণে তেওঁ পাৰিশ্ৰমিক হিচাপে লৈছিল ৫০১ টকা। ডিজিটেলভাৱে পইচা পঠোৱাৰ পিছত আব্দুলে বিচাৰিছিল যুৱতীগৰাকীৰ এখন ছবি, লগতে তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে এক অন্তৰংগ মুহূৰ্তৰ ছবি। যুৱতীগৰাকীয়ে অভিযোগ কৰে যে আব্দুলে আনকি পৰিয়ালৰ সদস্য আৰু সকলো বন্ধু-বান্ধৱীৰ ছবিও বিচাৰিছিল।
আব্দুলে বিশেষ ৰীতি-নীতি কৰি “ক’লা যাদু” কৰিবলৈও কয়। সেই কাৰণে তেওঁ যুৱতীগৰাকীৰ পৰা পাৰিশ্ৰমিক হিচাপে ২ লাখ ৪০ হাজাৰ টকা বিচাৰিছিল।

জ্যোতিষীগৰাকীৰ মতে যুৱতীগৰাকীয়েও নিৰ্দিষ্ট মাচুল দিছিল। ইয়াৰ পিছত আব্দুলে পুনৰ যুৱতীগৰাকীৰ পৰা প্ৰায় ডেৰ লাখ টকা দাবী কৰে। বাৰে বাৰে ইমান টকা দিবলৈ মান্তি নোহোৱাত যুৱতীগৰাকীক ভাবুকি দিবলৈ ধৰিলে। যুৱতীগৰাকীৰ মতে, আব্দুলে তেওঁক ভাবুকি দি থাকিল যে তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে তেওঁৰ অন্তৰংগ মুহূৰ্তসমূহ তেওঁৰ পৰিয়ালৰ লোকক দেখুৱাব। ছোৱালীজনীৰ পৰা আৰু ৪ লাখ ১০ হাজাৰ টকাৰ ভাবুকি দিয়ে। যুৱতীগৰাকীয়ে আব্দুলক মুঠ ৮ লাখ ২০ হাজাৰ টকা দিয়ে।

অৱশেষত ছোৱালীজনীয়ে আব্দুল আৰু তেওঁৰ দুই সহযোগীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে। আব্দুল আৰু তেওঁৰ সহযোগী দুজনক আৰক্ষীয়ে জেৰা কৰে। আব্দুলে আৰক্ষীৰ আগত দাবী কৰে যে ছোৱালীজনীয়ে তেওঁক জোৰ কৰি বিভিন্ন অনুষ্ঠান সম্পন্ন কৰিছিল। লগতে তেওঁ পাৰিশ্ৰমিক হিচাপে লোৱা সকলো ধন যুৱতীগৰাকীক ঘূৰাই দিব বুলিও আৰক্ষীক জনায়।

Leave A Reply