Breaking

পশ্চিমবংগৰ পূব মেদিনীপুৰত তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ গৃহত সংঘটিত বোমা বিস্ফোৰণত তিনিগৰাকী লোক নিহত…

0 53

পশ্চিমবংগৰ পূব মেদিনীপুৰত তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ গৃহত সংঘটিত বোমা বিস্ফোৰণত তিনিগৰাকী লোক নিহত হৈছে। আজি জিলাখনত টিএমচিৰ অন্যতম শীৰ্ষ নেতা অভিষেক বেনাৰ্জীৰ নিৰ্ধাৰিত সমাৱেশ অনুষ্ঠিত হোৱা পূৱ মিদনাপুৰৰ কণ্টাইৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত সংঘটিত হয় এই বিস্ফোৰণ।

শুকুৰবাৰে নিশা প্ৰায় ১১.১৫ বজাত নাৰায়বিলা গাঁৱৰ তৃণমূল কংগ্ৰেছৰ বুথ সভাপতিৰ বাসগৃহত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ বাবে তৃণমূল নেতাগৰাকীৰ বাসগৃহ প্ৰায় ধ্বংসস্তূপত পৰিণত হয়।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। স্থানীয় আৰক্ষী বিষয়াই মৃত লোক কেইগৰাকীৰ এতিয়াও চিনাক্তকৰণ হোৱা নাই বুলি উল্লেখ কৰিছে। অৱশ্যে নিহত আটাইকেইজন টিএমচিৰ কৰ্মী বুলি সন্দেহ কৰা হৈছে।

\

আৰক্ষী বিষয়াগৰাকীয়ে বিস্ফোৰণৰ প্ৰকৃতি এতিয়াও জানিব পৰা নাই বুলি লগতে কয়। অৱশ্যে ঘৰটোত বিস্ফোৰক দ্ৰব্যই আক্ৰমণ কৰাৰ সম্ভাৱনা নুই কৰা নাই নাই। ঘৰটোত মজুত থকা এক খাৰুৱা বোমা ভুলবশতঃ বিস্ফোৰণ ঘটা বুলিও সন্দেহ কৰা হৈছে।

Leave A Reply