Breaking

ব্ৰহ্মপুত্ৰ নদীত নৌকা দুৰ্ঘটনা মাজ নদীত ডুবিল চিমেণ্ট ভৰ্তি যন্ত্ৰচালিত নাওঁ

0 2,031

বৰপেটা জিলাৰ অন্তৰ্গত খোলাবান্ধাচৰ-দংৰা সংযোগী ব্ৰহ্মপুত্ৰ নদীত আজি এখন চিমেণ্ট ভৰ্তি নাও এখন দুৰ্ঘটনাত পতিত হয়।  জানিব পৰা নদীখনৰ উত্তৰ পাৰৰ দংৰা ঘাটৰ  পৰা ভেলেঙীচৰৰ হানু আলী নামৰ এজন নাৱৰীয়াই তেওৰ যন্ত্ৰচালিত নাঁৱৰে চিমেন্ট ভৰ্তি কৰি দক্ষিণ পাৰৰ খোলাবান্ধাচৰ নদী ঘাটলৈ আহি থকা অৱস্থাত নৈখনৰ চাংবান্ধাচৰ সমীপত হঠাৎ চাপৰিত নাওঁখন খুন্দা খাই পানীত ডুব যায়। ফলত নাও খনত থকা বৰপেটাৰ এগৰাকী ঠিকাদাৰৰ প্ৰায় দুইশ বেগ চিমেন্ট নষ্ট হয়। তদুপৰি এই দুৰ্ঘটনাত নাওখনত থকা নাৱৰীয়াসহ পাঁচজনকৈ লোক সাতুৰি কোনো মতে পাৰলৈ উঠি কথপমি নিজকে ৰক্ষা কৰে। ইতিমধ্য দুৰ্ঘটনাত পতিত নাওখনো স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা হৈছে।

Leave A Reply